ভাৰত-ভুটান সীমান্তত মাটিত পুতি থোৱা অৱস্থাত আঠটা গ্ৰেণেড সহ দুটা বন্দুক উদ্ধাৰ

1 min read

 

তামুলপুৰ জিলাৰ সংবাদদাতা, তামুলপুৰ, ১১ ছেপ্টেম্বৰঃ

তামুলপুৰ জিলাৰ অন্তৰ্গত তামুলপুৰ আৰক্ষী থানাৰ অধীনৰ দৰঙামেলাত আজি দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ গগৈৰ নেতৃত্বত যোৱা এটি আৰক্ষী দল আৰু ৬৪ নম্বৰ বাহিনী এছএছবিয়ে ৮ টা গ্ৰেণেড, দুটা হস্তনিৰ্মিত বন্দুকৰ লগতে ধুনু আৰু কাঁড় মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেণেড আৰু হস্তনিৰ্মিত বন্দুক উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে জনোৱা মতে আজি পুৱাৰে পৰা আৰক্ষী আৰু এছএছবিৰ এটা দলে সীমান্ত অঞ্চলত তহল দিয়াৰ সময়ত এক গোপন সূত্ৰৰ পমখেদি দৰংগামেলাৰ পাগলাবাবা মন্দিৰৰ পৰা পাহাৰৰ ওপৰত ২৩৯/১ নম্বৰৰ ভূটানৰ আৰু অসমৰ সীমাত থকা পিলাৰ পৰা ২০০ মিটাৰ দূৰত্বত অসমৰ ভিতৰত উদ্ধাৰ হয় সামগ্ৰীখিনি। আৰক্ষী সূত্ৰে জনোৱা মতে গ্ৰেণেড কেইটা সক্ৰিয় বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা সামগ্ৰীখিনি কোনে মাটিত পুতি ৰাখিছিল বৰ্তমানো জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ হোৱা সামগ্ৰীখিনিক লৈ তদন্ত আৰম্ভ কৰিছে।

You May Also Like

More From Author