অৰ্ধ কোটি সদস্যসংখ্যাৰে অসমত সদস্যতা অভিযানৰ ব্যাপক সফলতাত দলীয় কাৰ্যকৰ্তাক কৃতজ্ঞতা
কংগ্রেছৰ ৰাষ্ট্রীয় সভাপতি মল্লিকার্জুন খর্গেৰ পুত্র তথা কংগ্রেছৰ এগৰাকী অন্যতম শীর্ষ নেতা প্রিয়াংক খর্গেই শেহতীয়াকৈ জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ কৰা অসম বিৰোধী মন্তব্যৰ তীব্র বিৰোধিতা কৰিছে কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পবিত্র মাঘেৰিটাই ।
আজি নতুন দিল্লীত সাংবাদিকক সম্বোধন কৰি মন্ত্রীগৰাকীয়ে কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰি কয় যে, কংগ্রেছ তথা ইয়াৰ নেতৃবৃন্দই অসম তথা উত্তৰ পূর্বাঞ্চলৰ উন্নয়নৰ পৰিপন্থী কাম-কাজ কৰা আমি পূৰ্বেও দেখি আহিছোঁ আৰু আৰু এতিয়া সীমা চেৰাই গৈ জাগীৰোডত হ’বলগীয়া ২৭,০০০ কোটি টকা ব্যয়সাপেক্ষ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বিৰোধিতা কৰি কংগ্রেছৰ দ্বিতীয় পৰিয়াল মল্লিকার্জুন খৰ্গে পৰিয়ালৰ অন্যতম প্রতিনিধি, এগৰাকী মন্ত্রী প্রিয়াংক খর্গে ডাঙৰীয়াই অসমবাসীক কৰা অপমানৰ তীব্র বিৰোধিতা কৰাৰ লগতে গৰিহণা দিছোঁ । মন্ত্রীগৰাকীয়ে লগতে কয় যে প্রিয়াংক খৰ্গে ডাঙৰীয়াই আমাৰ ৰাজ্যৰ সমগ্ৰ উন্নয়নৰ প্রক্রিয়াটোৰ বিৰুদ্ধাচৰণ কৰি কথা কৈছে আৰু অসমত আন্তঃগাঁথনি নাই, স্কীল নাই ইত্যাদি তাচ্চিল্যৰে অসমবাসীক কেৱল অপমান কৰাই নহয়, ভৱিষ্যতে যাতে অসমত কোনো বিনিয়োগ নাহে তাৰ বাবে কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতৃত্ব যে এক চক্ৰান্তত লিপ্ত হৈছে তাৰেই প্ৰমাণিক তথ্যয়ো অকপটে প্ৰকাশ কৰিছে। মন্ত্রীগৰাকীয়ে কংগ্রেছক তীব্র বাক্যবাণেৰে সমালোচনা কৰি পুনৰ কয় যে অসম এতিয়া নৰেন্দ্ৰ মোদীদেৱৰ প্ৰেৰণা আৰু সহযোগিতাৰে, ড° হিমন্ত বিশ্ব শর্মাদেৱৰ নেতৃত্বত বহুদূৰ আগুৱাই গৈছে । স্বৰাজোত্তৰ সমগ্ৰ কালছোৱাত কংগ্ৰেছৰ ৬০-৬৫ বছৰীয়া শাসনকালত অসমত যিমান বিনিয়োগ আছে সকলোখিনি যদি আমি যোগ কৰোঁ; তাতোকৈ কেইবাগুণো বেছি বিনিয়োগ কেৱল এটা প্রকল্পতে আমাৰ ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে আনিবলৈ সক্ষম হৈছে । এই কথাটোত যে কংগ্ৰেছে বেয়া পাইছে সেইয়া আনুষ্ঠানিকভাৱে প্রকাশ পাই গ’ল।
কংগ্ৰেছক তীব্ৰ বিষোদগাৰ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই কথা কংগ্ৰেছৰ বাবে নতুন নহয় । কংগ্ৰেছৰ শীর্ষ নেতৃত্ব বা নেতাসকলে অসমক বাৰম্বাৰ
অপমান কৰি আহিছে। যেতিয়া সংগীত সূৰ্য ড০ ভূপেন হাজৰিকাক বিজেপি চৰকাৰে ‘ভাৰত ৰত্ন’ প্রদান কৰিছিল তেতিয়া এতিয়াৰ কংগ্রেছৰ সভাপতি মল্লিকার্জুন খৰ্গে ডাঙৰীয়াই তাৎক্ষণিকভাৱে কি
গায়কক এই সন্মান দিয়া হ’ল বুলি তুচ্ছ-তাচ্ছিল্য কৰিছিল। অসমীয়াৰ স্বাভিমান, শিৰৰ মুকুটস্বৰূপ ড° ভূপেন হাজৰিকাকো তুচ্ছ-তাচ্ছিল্য কৰিবলৈ কংগ্ৰেছে এৰা নাছিল। আনকি ত্রিপুৰা-নাগালেণ্ডত নির্বাচনত হৰাৰ সময়তো এইবোৰ সৰু ৰাজ্য বুলি তাচ্ছিল্য কৰিছিল খৰ্গে ডাঙৰীয়াই। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কংগ্রেছক সঁকিয়াই দি কয় যে- কংগ্রেছে যিমানেই চক্রান্ত নকৰক কিয় অসমৰ আন্তঃগাঁথনি উন্নয়ন, উদ্যোগীকৰণ মোদী ডাঙৰীয়াৰ অনুপ্রেৰণাৰে ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত হ’বই, সেয়া কংগ্রেছে বাধা দি ৰাখিব নোৱাৰে। প্রিয়াংক খৰ্গেৰ অসম বিৰোধী মন্তব্য দুখজনক, লজ্জাজনক বুলি অভিহিত কৰি মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমতৰ সন্মূখীন হৈ ভালপোৱা ভূপেন বৰা তথা ৰকিবুল হুছেইন আদি অসমৰ কংগ্ৰেছ নেতাসকলক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈও আহ্বান জনায়। বিজেপিৰ সদস্যতা ভৰ্তি প্ৰসংগতো আজি মন্ত্রীগৰাকীয়ে সাংবাদিকক মন্তব্য প্ৰদান কৰি কয় যে – ড° হিমন্ত বিশ্ব শর্মাদেৱৰ নেতৃত্বত অসমত আৰম্ভ হোৱা বিজেপিৰ সদস্য নৱীকৰণ আৰু ভর্তিকৰণ অভিযানত ভাৰতৰ ভিতৰতে আমি ভাৰতীয় জনতা পার্টি, অসম প্রদেশে শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ । তেওঁ লগতে কয়- সমগ্র ৰাষ্ট্রতে
আমাৰ দলৰ সদস্য নৱীকৰণ আৰু ভৰ্তিকৰণ প্ৰক্ৰিয়া চলি আছে আৰু আমাক যিটো টাৰ্গেট দিয়া হৈছিল তাৰ ৮৫% ইতিমধ্যে আমি লাভ কৰি সমগ্র দেশৰ শীর্ষস্থানত আছোঁ আৰু এই সংখ্যাটো হ’ল ২৭ ছেপ্টেম্বৰ নিশা আঠ বজালৈকে ৫১,৩৫,৭৩৭ গৰাকী আৰু মুখ্যমন্ত্রী মহোদয়ে প্রতিনিধিত্ব কৰা জানুকবাৰী সমষ্টিত ইতিমধ্যে সদস্য সংখ্যা ১ লাখ অতিক্রম কৰিছে। অসমবাসীৰ শ্রীচৰণত আন্তৰিক শ্রদ্ধা আৰু কৃতজ্ঞাৰে সেৱা জনাই মন্ত্রীগৰাকীয়ে পুনৰ কয় যে- বেছিভাগ সমষ্টিতে ৰাইজৰ আশীর্বাদ লৈ নির্বাচনত জিকিবলৈ যিমান ভোটৰ প্রয়োজন সেই সংখ্যাও ইতিমধ্যে অতিক্রম হৈ গৈছে। দলৰ সদস্যতা অভিযানৰ ব্যাপক সফলতাৰ বাবে দলৰ বুথ সভাপতি, মণ্ডল সভাপতিৰ পৰা আৰম্ভ কৰি জিলা সভাপতি, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অসমত সদস্য অভিযানৰ নেতৃত্ব লোৱা সাধাৰণ সম্পাদক পল্লৱলোচন দাসলৈকে সকলো সমর্পিত কার্যকৰ্তাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে।