বিষ্ফোৰন ঘটাই নিস্ক্ৰিয় কৰিলে সেনাবাহিনীয়ে ৷
ঢেকিয়াজুলিৰ বেলশিৰিৰ চেচাঁ নদীত উদ্ধাৰ হোৱা শক্তিশালী বোমাক লৈ চাঞ্চল্য ৷স্থানীয় লোকে চেঁচা নদীত মাছ ধৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে বোমা৷ পিছত আৰক্ষী প্ৰশাসনক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী-সেনা বাহিনী আৰু বোমা স্কোৱাডৰ দল আহি ইতিমধ্যে শক্তিশালী বোমাটো নদীৰ বালিত গাত খান্দি পুতি বিস্ফোৰণ ঘটাই ৷এক ফুট দীঘল আৰু আধা কেজি ওজনৰ এই শক্তিশালী বোমাটো বহু পুৰণি আৰু ব্ৰিটিছ আমুলৰ বুলি সন্দেহ কৰা হৈছে৷ স্থানীয় জিকিৰি বাৰী গাওঁৰ লোকে মাছ ধৰিবলৈ যাওঁতে নদীৰ পাৰত প্ৰত্যক্ষ কৰিছিল এই বোমাটো ৷ইয়াৰ পিছতেই আৰক্ষীক খৱৰ দিয়াত আৰক্ষী আৰু সেনা বাহিনীয়ে তৎপৰতাৰে আহি বোমা বুলি নিশ্চিত কৰি বোমাটো বিস্ফোৰণ ঘটাইছে৷