মাতৃহীনা কিশোৰীক অন্তঃসত্ত্বা কৰি শিক্ষকৰ পলায়ন

1 min read

ঢেকীয়াজুলিৰ মাজৰৌমাৰীৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী এজন শিক্ষকৰ যৌন নিৰ্যাতনৰ বলি হৈছে। মাজৰৌমাৰী অঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীমন্ত বৰুৱাৰ বিৰুদ্ধে কিশোৰী ধৰ্ষণ তথা যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। এই অভিযোগক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে ঢেকীয়াজুলি ৰাজহ চক্ৰৰ মাজৰৌমাৰীৰ এটি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মাতৃহীনা কিশোৰীক কেইবছৰমান পূর্বে পাঁচনৈ গাভৰুপাৰৰ শ্ৰীমন্ত বৰুৱা নামৰ শিক্ষকজনে পঢ়া-শুনাৰ দায়িত্ব গ্রহণ কৰি নিজৰ গৃহলৈ আনে। কিশোৰীগৰাকীক নিজৰ ভনীয়েক বুলি তুলি লোৱাৰ আশ্বাস- দি তেওঁ নিজৰ ঘৰলৈ আনে। ইয়াৰ পিচত কিশোৰীগৰাকীয়ে শ্রীমন্ত বৰুৱাৰ পৰিয়ালত থাকি পঢ়া-শুনা কৰাৰ লগতে তেওঁলোকৰ ঘৰুৱা কামত সহায় কৰে। কিন্তু বিগত প্রায় এবছৰ ধৰি শ্ৰীমন্ত বৰুৱাই কিশোৰীগৰাকীক যৌন নির্যাতন চলোৱাৰ লগতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাত তাই অন্তঃ সত্ত্বা হয়। এই কথা কাৰোবাক ক’লে কিশোৰীগৰাকীক প্রাণে মৰাৰ ভাবুকি দিয়ে যদিও এটা সময়ত, উথায়ুরিহীন হৈ কিশোৰীগৰাকীয়ে শ্রীমন্ত্র বৰুৱাৰ ঘৰৰ পৰা পলায়ন কৰি মাজৰৌমাৰীৰ নিজ গৃহত উপস্থিত হৈ আইতাকক সমস্ত ঘটনা অৱগত কৰে। কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে শিক্ষক শ্রীমন্ত বৰুৱাই সংঘটিত কৰা এই ঘৃণনীয় কাণ্ডৰ উচিত ন্যায় বিচাৰি ইতিমধ্যে ৰাক্ষসমাৰী আৰক্ষী চকীত লিখিত অভিযোগ দাখিল কৰিছে। পৰিয়ালৰ লোকে আৰক্ষী চকীত এজাহাৰ দিয়াৰ পিচতে ককায়েকৰূপী শ্রীমন্ত বৰুৱাই পলায়ন কৰিছে। ইপিনে এই শিক্ষকজনে কিশোৰীগৰাকীক গর্ভপাত কৰোৱাৰ উদ্দেশ্যে বলপূর্বকভাৱে ঔষধ খুৱাই দিয়া বুলিও ভুক্তভোগী পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে। শিক্ষকৰ দৰে পবিত্র বৃত্তিত নিয়োজিত এজন শিক্ষকৰ এনে নির্লজ্জ কাণ্ডই অঞ্চলটোৰ শিক্ষক সমাজক লজ্জিত কৰাৰ লগতে ভাতৃভগ্নীৰ পবিত্র সম্পর্কত কালিমা সানিছে। এই ঘৃণনীয় ঘটনাক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজৰৌমাৰী শাখা সমিতিয়ে তীব্র গৰিহণা দিছে। আনহাতে বর্তমান পলাতক, অৱস্থাত থকা শিক্ষকজনক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। এই ঘটনা সন্দর্ভত ঢেকীয়াজুলি থানাত শ্রীমন্ত বৰুৱাৰ বিৰুদ্ধে ১৬৯/২০২৪ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। পকছ’ আইনৰ (IPC 65(1) R/W Sec. 6 of R/W Sec. 75 of JJ Act)ৰ অধীনত ঢেকীয়াজুলি রক্ষীয়ে এটা, গোচৰ পুঞ্জীয়ন কৰি শিক্ষকগৰাকীক বিচাৰি অভিযান অব্যাহত ৰাখিছে। এইগৰাকী শিক্ষকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় সচেতন ৰাইজে দাবী জনাইছে

You May Also Like

More From Author