এণ্ড্ৰিউ ইউল এণ্ড কোম্পানীৰ চাহ বাগিচাৰ বোনাচ -অন্যান্য সমস্যা সমাধানৰ আশ্বাস কেন্দ্রীয় গুৰু উদ্যোগ মন্ত্ৰী এইছ ডি কুমাৰস্বামীৰ

1 min read

বৰঝাৰৰ পৰা অভিজিত কলিতা,২৩ ছেপ্টেম্বৰ: অসমত এণ্ড্ৰিউ ইউল এণ্ড কোম্পানীৰ চাহ বাগিচাৰ শ্ৰমিক সকলৰ বোনাচ প্ৰদানকে ধৰি অন্যান্য সমস্যা সমূহ সমাধানৰ ব্যবস্থা কৰা হৈছে- আজি বৰঝাৰত অনুষ্ঠিত এক সংবাদ মেলত কেন্দ্রীয় গুৰু উদ্যোগ দপ্তৰৰ মন্ত্রী এইছ ডি কুমাৰ স্বামীয়ে এইদৰে কয়।
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্হ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এণ্ড্ৰিউ ইউল এণ্ড কোম্পানী লিমিটেডৰ ১০খন চাহ বাগিচাৰ শ্ৰমিকৰ বোনাচ, দৰমহাকে ধৰি বিভিন্ন সমস্যাৰ বাবে বিগত কেইবা সপ্তাহ ধৰি বাগিচা সমূহত কিছু সমস্যাৰ সৃষ্টি হৈছিল।এই কোম্পানীৰ বাগিচা সমূহৰ সমস্যাৰ বুজ লোৱাৰ বাবে অহা মাহত অথবা ডিচেম্বৰত নিজেই পুনৰ অসমলৈ আহিব বুলিও সংবাদ মেলত কেন্দ্রীয় মন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে।
মন কৰিবলগীয়া যে এই বিষয়টোৰ এক সমাধান সূত্ৰ বিচাৰি কিছুদিন পূৰ্বে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই কেন্দ্রীয় মন্ত্ৰী কুমাৰ স্বামীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে মুখ্যসচিব ড০ৰবি কোটায়ো কেন্দ্রীয় গুৰু উদ্যোগ দপ্তৰৰ সচিব কামৰাণ ৰিজভিক বিষয়টো সন্দৰ্ভত অৱগত কৰিছিল। এদিন পূৰ্বে চিমেন্ট কৰ্পোৰেচন অৱ ইণ্ডিয়াৰ বোকাজানস্হিত চিমেন্ট উদ্যোগ পৰিদৰ্শন কৰা কুমাৰস্বামীয়ে এই উদ্যোগটোৰ এটা নতুন গোট স্হাপনৰ বাবে ৭০০ কোটি টকা বিনিয়োগ কৰা হ’ব বুলিও জানিবলৈ দিয়ে। কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাসৰ বাবে কেন্দ্রীয় চৰকাৰে ই-বাছ ক্ৰয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি সংবাদ মেলত উল্লেখ কৰি চৰকাৰে বেটাৰী চাৰ্জিং ষ্টেচন স্হাপনৰ বাবে দু হেজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথাও কেন্দ্রীয় মন্ত্রী গৰাকীয়ে কয়।দেশত সম্প্ৰতি ৭০হেজাৰ চাৰ্জিং ষ্টেচনৰ কাম চলি থকা বুলিও তেওঁ সাংবাদিক সকলক অৱগত কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে আৰু ১৮হেজাৰ ই-বাছ ক্ৰয় কৰিব বুলিও জনায়।অসমত এই কাম সন্তোষজনক ভাৱে আগবাঢ়ি থকা বুলিও মন্ত্রী গৰাকীয়ে কয়।*সংবাদমেল খনত ৰাজ্যৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ লগতে অসম চৰকাৰৰ উদ্যোগ বিভাগৰ সচিব ড০ লক্ষ্মণন এছো উপস্হিত আছিল।

You May Also Like

More From Author