অনলাইন ট্ৰেডিং কেলেংকাৰীঃ ৰাজ্যৰ বহুকেইজন সাংবাদিক, ইউটিউবাৰক তলব ডিব্ৰুগড় আৰক্ষীৰ

1 min read

গুৱাহাটী, ২৮ ছেপ্টেম্বৰঃ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অনলাইন ট্ৰেডিং কেলেংকাৰীৰ এতিয়াও তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। অভিনেত্ৰী চুমী বৰা, স্বামী তাৰ্কিক বৰাকে ধৰি মাষ্টাৰমাইণ্ড বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি ডিব্ৰুগড় আৰক্ষীয়ে ৰাজ্যৰ কেইবাজনো ইউটিউবাৰ আৰু ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰক সোধা-পোছাৰ বাবে তলব কৰে।

সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এই কেলেংকাৰীৰ বিৰুদ্ধে ডিব্ৰুগড় থানাৰ কেছ নং ৩৫২/২০২৪ৰ অধীনত বিএনএছ ২০২৩ৰ ধাৰা ৩১৬(২)/৩১৮(৪), আৰু অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধকৰণকে ধৰি একাধিক ধাৰাত অভিযোগ উত্থাপন কৰি তদন্ত চলি আছে।

চলি থকা তদন্তৰ অংশ হিচাপে আজি বিয়লি ৪ বজাত প্ৰাক্তন সাংবাদিক তথা বৰ্তমানৰ ইউটিউবাৰলৈ পৰিণত হোৱা চক্ৰপাণি পৰাশৰক ডিব্ৰুগড় সদৰ থানাত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰা হয়। পৰাশৰৰ উপৰিও ইউটিউবাৰ অবয়ব ভূঞাকো ডিব্ৰুগড় আৰক্ষীয়ে তলব কৰে।

ইয়াৰ পূৰ্বে প’ডকাষ্টৰ জৰিয়তে অন্ধ বিশ্বাসৰ প্ৰচাৰৰ অভিযোগৰ সন্মুখীন হোৱা আন এগৰাকী ইউটিউবাৰ হিমাশ্ৰী শইকীয়াকো আৰক্ষীয়ে তলব কৰিছিল।

ইতিমধ্য আটাইকেইজনে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈ আৰক্ষীক তদন্তত সহযোগ কৰিছে বুলি তেওঁলোকে সংবাদমাধ্যমক জানিবলৈ দিয়ে।

ইফালে আৰক্ষীয়েও তিনিওৰে মন্তব্য লিপিবদ্ধ কৰিছে বুলি জানিব পৰা গৈছে। তেওঁলোকৰ সাক্ষ্যই কেলেংকাৰীৰ পৰিসৰ উন্মোচন কৰাত আৰু ইয়াৰ লগত জড়িত আন ব্যক্তিক চিনাক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা আছে।

এই গোচৰটোৱে কেৱল ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰক জড়িত কৰাই নহয়, ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক, জনপ্ৰিয় অভিনেতা, অভিনেত্ৰী, গায়ককো আৰক্ষীৰ তদন্তৰ আওতালৈ অনাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে চুমী বৰা, বিশাল ফুকন আৰু তাৰ্কিক বৰাক লৈ সংঘটিত অনলাইন ট্ৰেডিং কেলেংকাৰিৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে।

You May Also Like

More From Author