নগাঁৱত লোকসেৱক হলধৰ ভূঞা স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৯ছেপ্টেম্বৰ:–নগাঁৱৰ সুযোগ্য সন্তান, সমাজ সচেতন ব্যক্তি,শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠাৰ অন্যতম কাণ্ডাৰী লোকসেৱক হলধৰ ভূঞা স্মাৰক বক্তৃতানুষ্ঠান আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা,উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা,পঞ্জীয়ক ড° শৰৎ হাজৰিকা, মুখ্য বক্তা ড° অঞ্জন কুমাৰ ওজা,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ লগতে বিশিষ্ট ব্যক্তিসকলে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু বিশ্ববিদ্যালয়খনৰ যৌথ প্ৰচেষ্টাত আয়োজিত অনুষ্ঠানটি উদ্বোধন কৰে সংঘৰ প্ৰধান সম্পাদক তথা বিশ্ববিদ্যালয়ৰ সমন্বয়ক কুশল ঠাকুৰীয়াই আৰু বক্তৃতানুষ্ঠানৰ সঞ্চালনা কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাই ৷ অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশলৈ ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক ড° অঞ্জন কুমাৰ ওজাই কয় যে শংকৰদেৱৰ দৰে আধুনিক মনৰ মানুহ অসম তথা উত্তৰ-পূৱ ভাৰতত ওপজা নাই ৷ অধ্যাপকগৰাকীয়ে “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ : প্ৰচাৰ আৰু প্ৰসাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভূমিকা” শীৰ্ষক বিষয়ত এইবছৰৰ স্মাৰক বক্তৃতাটি প্ৰদান কৰে । পাণ্ডিত্যপূৰ্ণ হলধৰ ভূঞাৰ প্ৰতি সশ্ৰদ্ধ সেৱা নিবেদন কৰি ড° ওজাই কয় যে শংকৰদেৱৰ দৃষ্টিভংগী আছিল বৈপ্লৱিক,এই বৈপ্লৱিক দৃষ্টিৰ বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি-জনগোষ্ঠীক তেওঁ এটা নিৰ্দিষ্ট পথেৰে নিবলৈ সক্ষম হৈছিল ৷ শংকৰদেৱ কেৱল ধৰ্ম চৰ্চাতে সীমাবদ্ধ নাছিল। তেওঁ আছিল অসমৰ প্ৰথমজন জনস্বাস্থ্য সচেতন ব্যক্তি ৷ শংকৰদেৱৰ নীতি-আদৰ্শ সৰোগত কৰি আগবঢ়া শ্ৰীমন্ত শংকৰদেৱ সংঘই বৌদ্ধিক, সাহিত্য,সংস্কৃতিৰ চৰ্চাৰ সুযোগ আগবঢ়োৱাৰ লগতে নৱ-প্ৰজন্মক নৈতিক-আধ্যাত্মিক চেতনাৰে আগুৱাই লৈ যোৱাৰ মানস কৰি বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে ৷ তদুপৰি উচ্চ শিক্ষাৰ প্ৰসাৰ তথা গৱেষণালব্ধ দৃষ্টিকোণেৰে শিক্ষাক আগুৱাই নিবৰ বাবে সংঘৰ দ্বাৰা প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে আন আন প্ৰতিষ্ঠানৰ সৈতেও ফেৰ মাৰিব পৰাকৈ কাৰ্যপন্থা গ্ৰহন কৰা বুলিও ওজাই মন্তব্য কৰে ৷ বিশ্ববিদ্যালয়খনৰ সহকাৰী জনসম্পৰ্কৰক্ষী বিষয়া গৌৰী প্ৰসাদ শৰ্মাই আঁতধৰা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ যুটীয়া পঞ্জীয়ক ড° নয়নমনি শইকীয়া,উপ পৰীক্ষা নিয়ন্ত্ৰক মানস কপিল পাঠক,ট্ৰাষ্ট সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক দিলীপ বৰা,থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ অধ্যক্ষ হৰেন্দ্ৰ বৰা,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় বিষয়-ববীয়া,বিভিন্ন জিলা সমিতিৰ বিষয়-ববীয়া,শংকৰ মিচনৰ কৰ্মকৰ্তা,বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা,বিষয়া-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷
অনুষ্ঠানৰ অন্তত সামৰণি ভাষণ তথা শলাগৰ শৰাই আগবঢ়াই পঞ্জীয়ক ড° শৰৎ হাজৰিকাই ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author