অসমীয়াক ধ্ৰুপদী ভাষা ঘোষণাঃ কৃতিত্ব কাৰ?

1 min read

যিসময়ত অসম আৰু অসমীয়াৰ অস্তিত্বকলৈ বিভিন্ন সংশয়ৰ অৱতাৰণা হৈছে, তেনে সময়তে ৰাজ্যখনলৈ আহিছে এক সুখবৰ। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে অসমীয়া ভাষাক ধ্ৰুপদী অৰ্থাৎ ক্লাচিকেল ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

(Assamese gets classical language status)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে X-ত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি লিখিছে-“কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন পোৱাৰ পিছত অসমীয়াই এতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত মই অতিশয় আনন্দিত হৈছোঁ।  অসমীয়া সংস্কৃতিয়ে যুগ যুগ ধৰি উজ্বলি উঠিছে আৰু আমাক এক চহকী সাহিত্যিক পৰম্পৰা প্ৰদান কৰিছে।  আগন্তুক সময়ত এই ভাষা আৰু অধিক জনপ্ৰিয় হৈ পৰক।  সকলোকে মই অভিনন্দন জনালোঁ।”

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোডীৰ লগতে কেন্দ্ৰীয় চৰকাৰক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। এই মৰ্যাদাই অসমীয়া ভাষাক এক নান্দনিক অলংকাৰ পিন্ধালে বুলি মুখ্যমন্ত্ৰী শৰ্মাই মতপোষণ কৰিছে।

সামাজিক মাধ্যম X-ত তেওঁ এনেদৰে মত প্ৰকাশ কৰিছে- “প্ৰাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা-সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে৷ আজিৰ এই ঐতিহাসিক সিদ্ধান্তৰ দ্বাৰা আমি আমাৰ প্ৰিয় মাতৃভাষাটিক জগত সভালৈ লৈ যাবলৈ সক্ষম হ’ম, ভাষাটিক সংৰক্ষণৰ দিশত আমি আটায়ে নিশ্চিতভাৱে অধিক দায়বদ্ধ হ’ম৷ এই সন্মান আমাৰ বৈচিত্ৰ্যৰ মাজত এক হৈ থকা সমাজখনলৈ; এই সন্মান অসমৰ মহাপুৰুষ, চিন্তাবিদ, সাহিত্যিক, দাৰ্শনিক, প্ৰজ্ঞাৰ সাধক তথা অসমৰ সৰ্বস্তৰৰ জনসাধাৰণলৈ৷ অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যিসকলে ত্যাগ কৰি গৈছে শতসহস্ৰ প্ৰণিপাত তেখেতসকললৈ৷ সঁচাকৈয়ে আজি মোৰ জীৱনৰ অন্যতম এটি সুখৰ দিন। জয় আই অসম”


উল্লেখযোগ্য যে বৃহস্পতিবাৰে অসমীয়াৰ লগতে বাংলা, মাৰাঠী, পালী আৰু প্ৰাকৃত ভাষাকো কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিছে।  এই পাঁচটা ভাষাৰ লগত জড়িত প্ৰাথমিক ৰাজ্যসমূহ হ’ল মহাৰাষ্ট্ৰ (মাৰাঠী), বিহাৰ, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ (পালি আৰু প্ৰাকৃত), পশ্চিমবংগ (বাংলা) আৰু অসম (অসমীয়া)।

অসমীয়া ভাষাক প্ৰদান কৰা এই স্বীকৃতিৰ পাছতেই ৰাজ্যখনত এতিয়া আনন্দৰ জোৱাৰ উঠিছে। দল-সংগঠনৰ লগতে সাহিত্য চৰ্চাকাৰী, বিশিষ্ট বুদ্ধিজীৱী তথা সাধাৰণ লোকেও এই সিদ্ধান্তক আদৰণি জনাই অসমীয়া ভাষাক জীয়াই ৰখাৰ বাবে এয়া যুগান্তকাৰী পদক্ষেপ বুলি অধিকাংশই অভিহিত কৰিছে।

ধ্ৰুপদী ভাষাৰ তালিকাত অসমীয়াৰ অন্তৰ্ভুক্তিৰ পাছত ফেচবুকত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। তেওঁ লিখিছে-অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ (Classical Language) স্বীকৃতি জাতিটোৰ বাবে আশা আৰু গৌৰৱৰ বতৰা। এই আনন্দৰ ক্ষণত সদৌটিলৈ অশেষ অভিনন্দন! ইতিপূৰ্বে স্বীকৃতিপ্ৰাপ্ত ৬ টা ধ্ৰুপদী ভাষাৰ সৈতে এই তালিকাত নতুনকৈ সন্নিৱিষ্ট হ’ল ৫ টা ভাষা। তাৰে অন্যতম অসমীয়া।

ইতিহাসে ঢুকি পোৱা দিনৰে পৰা প্ৰাণৰ আপোন অসমীয়া ভাষাটিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সুৰক্ষাৰ বাবে পদক্ষেপ লোৱা প্ৰতিগৰাকী জ্ঞাত-অজ্ঞাত ব্যক্তিলৈ এই গৌৰৱৰ পলত শ্ৰদ্ধা নিবেদিছোঁ।

এতিয়া প্ৰয়োজন সাংবিধানিকভাৱে অসমীয়া ভাষাক সৰ্বকাললৈ অসমৰ ৰাজ্যভাষা হিচাপে ঘোষণা কৰাৰ পদক্ষেপৰ। ইয়াৰ স্পষ্ট পৰামৰ্শ আছে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দিয়া প্ৰতিবেদনত। জনগাথঁনিৰ পৰিৱৰ্তনে যাতে ৰাজ্যভাষাৰ মৰ্যাদালৈ সংকট কঢ়িয়াব নোৱাৰে তাৰ বাবেও অসমীয়া ভাষাই লাভ কৰক সাংবিধানিক সুৰক্ষা।

কিন্তু প্ৰকৃততে Classical language বা ধ্ৰুপদী ভাষাৰ স্বীকৃতি মানেনো কি? ২০০৪ চনত কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী ভাষাৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল। এই স্বীকৃতি প্ৰথমে লাভ কৰিছিল তামিল ভাষাই। ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত নডেল এজেঞ্চিৰ ভূমিকা পালন কৰে সাহিত্য অকাডেমীয়ে। বিশেষজ্ঞ সমিতিয়ে বহুকেইটা চৰ্ত চালিজাৰি চোৱাৰ পাছতহে ভাষা এটাক এই স্বীকৃতি প্ৰদান কৰে।

ইয়াৰ বাবে ভাষাটোৰ ১৫০০ৰ পৰা ২০০০ বছৰৰ লিখিত ইতিহাস থাকিব লাগিব। নিৰ্দিষ্ট ভাষাটোত কেইবাটাও প্ৰজন্মই গুৰুত্ব সহকাৰে গ্ৰহণ কৰা প্ৰাচীন সাহিত্য থাকিব লাগিব আৰু সাহিত্যৰ পৰম্পৰা মৌলিক হ’ব লাগিব। উল্লেখনীয় সাহিত্য সম্ভাৰৰ লগতে ভাষাটোৰ প্ৰাচীন আৰু আধুনিক ৰূপৰ মাজত পাৰ্থক্য থকাটোও অন্যতম চৰ্ত।

আজি পাঁচটা ভাষা ধ্ৰুপদী ভাষাৰ তালিকাখনত সন্নিৱিষ্ট হোৱাৰ লগে মুঠ ধ্ৰুপদী ভাষাৰ সংখ্যা হৈছে এঘাৰটা।

ভাষাসমূহ হ’ল-তামিল, সংস্কৃত, তেলেগু, কানাড়া, মালায়ালাম, ওড়িয়া, মাৰাঠী, বাংলা, অসমীয়া, পালি আৰু প্ৰাকৃত।

কিন্তু ধ্ৰপদী ভাষাৰ স্বীকৃতিয়ে ভাষা এটাৰ সংৰক্ষণ, সংবৰ্ধণত কিদৰে সহায় কৰে? এই সন্দৰ্ভত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ই জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে এনেদৰে- ধ্ৰুপদী ভাষাৰ প্ৰসাৰৰ বাবে শিক্ষা মন্ত্ৰালয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সংস্কৃত ভাষাৰ প্ৰসাৰৰ বাবে সংসদত আইনৰ জৰিয়তে ২০২০ চনত তিনিখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। প্ৰাচীন তামিল গ্ৰন্থৰ অনুবাদৰ সুবিধা, গৱেষণাৰ প্ৰসাৰ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু তামিলৰ ভাষা পণ্ডিতসকলৰ বাবে পাঠ্যক্ৰম প্ৰদানৰ বাবে চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল তামিল গঠন কৰা হৈছিল। ধ্ৰুপদী ভাষাৰ অধ্যয়ন আৰু সংৰক্ষণ আৰু অধিক বৃদ্ধিৰ বাবে মহীশূৰ কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠানৰ তত্বাৱধানত ধ্ৰুপদী কানাড়া, তেলেগু, মালয়ালম আৰু ওড়িয়া ভাষাৰ অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই পদক্ষেপসমূহৰ উপৰিও ধ্ৰুপদী ভাষাৰ ক্ষেত্ৰখনৰ কৃতিত্বক স্বীকৃতি আৰু উৎসাহিত কৰাৰ বাবে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰতিষ্ঠা কৰা হৈছে। শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষালৈ সম্প্ৰসাৰিত কৰা সুবিধাসমূহৰ ভিতৰত ধ্ৰুপদী ভাষাৰ বাবে ৰাষ্ট্ৰীয় বঁটা, বিশ্ববিদ্যালয়ত অধ্যক্ষ আৰু ধ্ৰুপদী ভাষাৰ প্ৰচাৰৰ বাবে কেন্দ্ৰ আদি অন্তৰ্ভুক্ত।

তদুপৰি ভাষাসমূহক ধ্ৰুপদী ভাষা হিচাপে অন্তৰ্ভুক্ত কৰিলে বিশেষকৈ শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰত উল্লেখযোগ্য নিয়োগৰ সুযোগ সৃষ্টি হ’ব বুলিও কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞপ্তিটোত দাবী কৰা হৈছে। এই ভাষাসমূহৰ প্ৰাচীন গ্ৰন্থসমূহৰ সংৰক্ষণ, নথিপত্ৰ আৰু ডিজিটেলাইজেচনে অভিলেখাগাৰ, অনুবাদ, প্ৰকাশন আৰু ডিজিটেল মাধ্যমত চাকৰিৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰা হৈছে।

কাৰ প্ৰচেষ্টাৰ বাবে সম্ভৱ হ’ল এই স্বীকৃতি?

অসমীয়া ভাষাই লাভ কৰা এই সন্মানৰ বাবে বহুতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু একাংশৰ মতে ইয়াৰ আঁৰত আছে আন কেইবাজনো ব্যক্তিৰ বহুদিনীয়া প্ৰচেষ্টা।

অসম সন্তান তথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিক কৌশিক ডেকাই X-ত আনন্দ প্ৰকাশ কৰি লিখিছে এনেদৰে-

Assamese has finally been recognized as a classical language. While this achievement is undoubtedly the result of collective efforts, Kula Saikia (@saikia_kula), an illustrious and honest cop and author from our beautiful state, played a pivotal role in making it happen. And this… pic.twitter.com/8BlyNY3QP7

— Kaushik Deka (@KDscribe) October 3, 2024

কটন বিশ্ববিদ্যালয় একতা সভাৰ প্ৰাক্তন সভাপতি তথা সুবক্তা ত্ৰিদিৱ ভাগৱতীয়ে ইয়াৰ বাবে ধন্যবাদ জনাইছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াক।

ভাগৱতীৰ মন্তব্য – “কুল শইকীয়া ছাৰ সাহিত্য সভাৰ সভাপতি হৈ থাকোঁতে প্ৰায়েই সাহিত্য সভাৰ কাৰ্যালয়ত ছাৰৰ মুখত অসমীয়া ভাষা কিয় ধ্ৰুপদী ভাষা হ’ব লাগে — সেই কথা শুনিছিলোঁ। আজি মাতৃভাষালৈ অহা এই সন্মানে ছাৰৰ নেতৃত্বত তেতিয়াৰে পৰা চলা নেৰানেপেৰা প্ৰচেষ্ঠা সফল কৰিলে। মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰ ধন্যবাদৰ পাত্ৰ, এই স্বীকৃতিয়ে আমাৰ একাংশৰ মনত ভাষাটোক লৈ থকা হীনমন্যতা দূৰ কৰক। লগতে নিজৰ ল’ৰা-ছোৱালীয়ে অসমীয়া ভাষা ক’ব নজনা বুলি গৌৰৱ কৰা মানুহ কমক, অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰো জিলিকি উঠক। উজ্জ্বল, সুজ্জ্বল কহিনুৰ পিন্ধি তেতিয়াহে ভাষাটো জিলিকি উঠিব।”

লেখিকা তথা শইকীয়াৰ সহধৰ্মিনী লীনা শৰ্মাই লিখিছে এনেদৰে-“ৰাইজসকল, ২০২১ চনত সাহিত্য সভাৰ পৰা পঠিওৱা এইখনৰ ওপৰতহে কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ চলি আছিল। তাৰ প্ৰমাণ আমাৰ হাতত আছে। চিঠিপত্ৰ আছে। ৩৯৪ পৃষ্ঠাৰ বিস্তৃত প্ৰতিবেদন। সফলতাৰ পিতৃ মাতৃ বহুত।

কামটো হল। জাতিৰ কাৰণে সেইটোৱেই আটাইতকৈ ডাঙৰ কথা। কোনে কৰিলে তাক লৈ কন্দলত নমাৰ ইচ্ছা নাই। ভগৱানে জানে সত্য  কি।”

You May Also Like

More From Author