এচিৰ হানিকাৰক প্ৰভাৱৰ পৰা হাত সৰাৰ সহজ উপায়

1 min read

দিনে দিনে বৃদ্ধি পোৱা গৰমৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ আজিকালি অধিকাংশ লোকেই এয়াৰ কণ্ডিচনিং (এচি) ব্যৱহাৰ কৰে।এচিয়ে গৰমৰ পৰা সকাহ দিয়ে ঠিকেই, কিন্তু ই আপোনাৰ ছালখনক খুব বেয়াকৈ প্ৰভাৱিত কৰে। হয়, প্ৰতিদিনে বহুসময় ধৰি এচিত থকাৰ ফলত ছাল শুকান আৰু ডিহাইড্ৰেটেড হৈ পৰে।অৱশ্যে, কেতবোৰ সাৱধানতা অৱলম্বন কৰি আপুনি শৰীৰৰ আদ্ৰতা বজাই ৰাখি ছালখনক সুৰক্ষা প্ৰদান কৰিব পাৰে।আজি সেই বিষয়ে জানো আহক-

হাইড্ৰেটেড হৈ থাকক

গোটেই দিনটো যথেষ্ট পৰিমাণে পানী খাব। ই আপোনাৰ ছালক ভিতৰৰ পৰা হাইড্ৰেটেড কৰি ৰাখিব।পানীৰ লগতে আপুনি ভেষজ চাহও খাব পাৰে।

ময়েশ্চাৰাইজাৰৰ ব্যৱহাৰ

এচিৰ হানিকাৰক প্ৰভাৱৰ পৰা বাচিবলৈ দিনত আৰু শোৱাৰ আগতে ছালত ভাল ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰিব। ই আপোনাৰ ছালক আৰ্দ্ৰতা প্ৰদান কৰাৰ লগতে ছালৰ নমনীয়তা বজাই ৰখাত সহায় কৰিব। ঘৰত হিউমিডিফায়াৰ ব্যৱহাৰ কৰিব, যিয়ে বায়ুত আৰ্দ্ৰতা বজাই ৰাখে আৰু ছাল শুকান হোৱা প্ৰতিহত কৰে।

ক্লিনজাৰ ব্যৱহাৰ

ছাল ধুবলৈ সদায় মৃদু আৰু হাইড্ৰেটিং ক্লিনজাৰ ব্যৱহাৰ কৰিব। ই আপোনাৰ ছাল অতিৰিক্ত শুকান হোৱাত বাধা দিব। ছাল ধুই গামোচা- টাৱেলৰে জোৰেৰে কেতিয়াও নমচিব।

সন্তুলিত আহাৰ

ভিটামিন আৰু খনিজ পদাৰ্থসমৃদ্ধ ফল আৰু পাচলি খাব, যি ছালৰ স্বাস্থ্যৰ বাবে উপকাৰী। অমেগা-৩ সমৃদ্ধ খাদ্য যেনে মাছ, ফ্লেক্স ছীড আৰু চিয়া ছীডয়ে আপোনাৰ ছালৰ আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে।

গা ধোৱাৰ অভ্যাস

অতি গৰম পানীৰে গা ধুলে ছালৰ আৰ্দ্ৰতা হ্ৰাস হয়। সেয়েহে সদায় কুহুমীয়া পানী ব্যৱহাৰ কৰিব। গা ধোৱাৰ পাছতে ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰিলে ই ছালক হাইড্ৰেটেড ৰখাত সহায় কৰে।

চিৰাম-তেল

হাইলুৰোনিক এচিডৰ দৰে হাইড্ৰেটিং চিৰাম ব্যৱহাৰ কৰিব, যিয়ে ছালৰ গভীৰতাত আৰ্দ্ৰতা বন্ধ কৰে। ছালৰ প্ৰকাৰ অনুসৰি নাৰিকল তেলো উপযোগী হ’ব পাৰে, বিশেষকৈ শুকান ছালৰ বাবে।

আৰামদায়ক পৰিৱেশ

এচিৰ তাপমাত্ৰা অতি কম ৰাখিব। তাপমাত্ৰা ২২-২৪° চেণ্টিগ্ৰেডৰ মাজত নিৰ্ধাৰণ কৰক যাতে বায়ু অত্যাধিক ঠাণ্ডা নহয়।

এই উপায়বোৰ অৱলম্বন কৰি আপুনি এচি-ৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে আৰু আপোনাৰ ছালৰ আৰ্দ্ৰতা বাহাল ৰাখিব পাৰে। যদি আপোনাৰ ছালৰ কোনো গুৰুতৰ সমস্যা আছে, তেনেহ’লে সোনকালেই চৰ্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

You May Also Like

More From Author