#উমা পাটৰক সভানেত্ৰী-আয়েফা বেগমক সম্পাদিকা হিচাপে নতুন সমিতি গঠন
নিউজ ব্যুৰ’,নগাঁও,১অক্টোবৰ:–সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ দলংঘাট ব্লক সন্মিলনখনি আজি অনুষ্ঠিত হৈ যায়। এই উপলক্ষে চমুৱাগাঁওস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত অনুষ্ঠিত সন্থাৰ দলংঘাট ব্লক সমিতিৰ প্রতিষ্ঠাপক নেত্রী প্রভাৱতী বৰদলৈয়ে সন্থাৰ পতাকা উত্তোলনেৰে সন্মিলনৰ আৰম্ভণি কৰে। “কথা দি কথা ৰাখক- আমাৰ প্ৰাপ্য আদায় দিয়ক, নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰক” আহ্বানেৰে অনুষ্ঠিত সন্মিলনত উমা পাটৰ আৰু অনীতা দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কুজিডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মৃদুপৱন বৰাই সন্মিলনৰ উদ্বোধনী ভাষণত কয় যে মহাকাশৰ পৰা গ্ৰামাঞ্চললৈকে উন্নয়নৰ প্রশ্নত মহিলাৰ অলেখ অবদান আছে। মহিলাসকলৰ কঠোৰ শ্রম আৰু আত্মত্যাগৰ ফচলেই হ’ল আজিৰ আধুনিক ভাৰতৰাষ্ট্র। কিন্তু আজি আমাৰ দেশ তথা ৰাজ্যত নাৰীৰ মৰ্যাদা আৰু নিৰাপত্তা পদে পদে লুন্ঠিত। বিশেষকৈ বিজেপিৰ শাসনকালত এই প্রৱণতা অধিক বৃদ্ধি পাইছে। তেখেতে আৰু কয় যে বিজেপিয়ে মনু সংহিতাক আৰু ধর্মীয় শাসনক প্রতিনিধিত্ব কৰে। ইয়াৰ উদাহৰণ হৈছে বিলকিছ বানুৰ ধর্ষণকাৰীক সম্বৰ্ধনা জনোৱাা। নাৰী সমাজৰ মর্যাদা আৰু নিৰাপত্তাৰ হকে ঐক্যবদ্ধ হ’বলৈ কমৰেডগৰাকীয়ে আহ্বান জনায়। সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য মোস্তাফা ছালিম আহমেদে কয় যে নাৰী সমাজ আজি যেনেকৈ নিৰাপত্তাহীন তেনেকৈ আৰ্থিকভাৱেও নিৰাপত্তাহীন হৈ পৰিছে।খাদ্য সামগ্ৰীকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে দৰৱৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে সমাজৰ গৰিষ্ঠ সংখ্যক বিশেষকৈ দুখীয়া আৰু শ্ৰমজীৱী পৰিয়ালৰ শিশু আৰু নাৰীক পুষ্টিহীনতাৰ ফালে ঠেলি দিছে। এনে পৰিস্থিতিত ভাৰত চৰকাৰৰ খাদ্য সুৰক্ষা আইন সাৰ্বজনীন কৰা আৰু ৰেচন ব্যৱস্থাৰ জৰিয়তে দাইল, মিঠাতেল,পিঁয়াজ,আলু,গাখীৰ,কণী আদি সুলভমূল্যত যোগান ধৰিব লাগে আৰু জবকার্ডত ২০০ দিনৰ কাম আৰু দৈনিক ৬০০টকাকৈ মজুৰি বৃদ্ধিৰ দাবীতো মহিলাসকলক সংগঠিত হ’বলৈ আবেদন জনায়। সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয় যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে মহিলাক মাইক্ৰ’ফাইনেঞ্চৰ ঋণমুক্তি,অমৃত বৃক্ষৰোপণৰ নামত দহহেজাৰ টকা,লাখ টকীয়া বাইডেউ আদি আঁচনিৰ নামত যি প্ৰতিশ্ৰুতি দিছিল সেয়া ৰূপায়ণ কৰা নাই। আকৌ ৰেচন কাৰ্ড থকা পৰিয়ালসমূহলৈ দুই লাখকৈ টকা দিয়াৰ আঁচনি আনিছে। আনফালে স্মার্টমিটাৰৰ দ্বাৰা দুখীয়া ৰাইজৰ লগতে সাধাৰণ মধ্যবিত্ত ৰাইজৰ ওপৰতো মাধমাৰ মাৰিছে। বৰ্তমান চৰকাৰখন প্রতাৰণা-প্রৱঞ্চনা, সাম্প্ৰদায়িক বিভাজন আৰু আম্বানী-আদানীৰ জেপত থকা চৰকাৰ বুলি কটাক্ষ কৰে। সভাত গ্ৰামীণ শ্ৰমিক সন্থাৰ মাধবচন্দ্ৰ বৰা,স্বপন হাজৰিকা, মহিলা নেত্ৰী মৃদুলা দাস আৰু বুলি বৰদলৈয়ে বক্তব্য প্ৰদান কৰে। মুকলি সভাৰ পিছত উমা পাটৰ আৰু অনিতা দাসৰে গঠিত সভাপতিমণ্ডলীয়ে দলংঘাট ব্লকৰ সাতখন গাঁও পঞ্চায়তৰ পৰা অহা ১০৫গৰাকী প্ৰতিনিধিৰ অংশগ্ৰহণেৰে প্ৰতিনিধি সভাৰ কাম আৰম্ভ কৰে। প্ৰতিনিধি সন্মিলনে উমা পাটৰক সভানেত্ৰী আৰু আয়েফা বেগমক সম্পাদিকা হিচাপে লৈ একৈশ জনীয়া এখনি ব্লক সমিতি গঠন কৰে। সন্মিলনে মাইক্র’ফাইনেন্সৰ ঋণমুক্তি, অমৃত বৃক্ষ ৰোপণ আৰু লাখটকীয়া বাইদেউৰ প্রাপ্য ধন আদায়, অংগনবাড়ী-আশা-মধ্যাহ্ন ভোজনৰ কৰ্মীসকলক চৰকাৰী চাকৰিয়ালৰ মৰ্যাদা প্ৰদানৰ দাবীত খাদ্য সুৰক্ষা আইন সাৰ্বজনীন কৰাৰ দাবীত তথা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে মহিলাক কৰা প্ৰৱঞ্চনা আৰু অমানৱিক উচ্ছেদৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তোলাৰ দহ দফীয়া প্রস্তাৱ গ্ৰহণ কৰে। চিম্পী শিখা বৰদলৈ আৰু প্ৰীতি কাকতিৰ সঙ্গীবৃন্দই গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখ্য যে এই সভাৰ শেষত প্রায় পাঁচশ মহিলাৰ অংশগ্ৰহণেৰে চৰকাৰৰ বিভিন্ন জনবোৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদী শোভাযাত্ৰা উলিওৱা হয় । ঋতু পৰ্ণ শৰ্মা,নগাঁও