নগাঁৱৰ কপিলীৰ বুকুত জাহ কামপুৰ-ৰহা সংযোগী ৰাজপথ

1 min read

নিউজ ব্যুৰ’,নগাঁও,৩অক্টোবৰ:–নগাঁও জিলাৰ কামপুৰত কপিলী নৈৰ ধাৰাবাহিক খহনীয়াই সৃষ্টি কৰিছে বিভীষিকাৰ। ২০২২বৰ্ষৰ প্ৰলয়ংকাৰী বানৰ পিছৰে পৰা বগলাজানত চপৰা-চপৰে কপিলীয়ে নৈৰ গৰা খহাই আহিছিল যদিও স্থায়ী সমাধানৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। এই অভিযোগ উত্থাপন কৰি নৈপৰীয়াই ক্ষোভ প্ৰকাশ কৰি কয় যে খহনীয়াৰ পিছতে সংশ্লিষ্ট বিভাগে কেইডালমান বাঁহ পুতিয়েই দায়িত্ব সামৰে।

বগলাজানত নৈৰ গৰা খহি খহি কিছুদিনৰ পূৰ্বৰ পৰা কপিলীয়ে কামপুৰৰ পৰা ৰহা সংযোগী ৰাজপথটো ক্ৰমান্বয়ে খহাবলৈ ধৰে। ইয়াৰ পাছত ২৬ছেপ্টেম্বৰত হৈ যোৱা ভূমিকম্পৰ ফলত পথটোত ফাঁট মেলিবলৈ আৰম্ভ কৰে। যাৰ বাবে উক্ত পথটোৰে গধুৰ যান বাহনৰ চলাচল ২৭ ছেপ্টেম্বৰৰ পৰা বন্ধ কৰি ৰখা হৈছিল। পথটোৰে যাতায়ত বন্ধ ৰখা হৈছিল যদিও আশা কৰা ধৰণে মেৰামতিকৰণ হোৱা নাছিল আৰু যাৰ বাবে বুধবাৰে নিশা উক্ত পথটোৰ প্ৰায় ৩০মিটাৰ অংশ ফাট মেলে আৰু বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগলৈ পথটোৰ প্ৰায় ৫ফুট পৰ্যন্ত নদীৰ বুকুত বহি যায়। পথছোৱা নৈৰ বুকুত বহি যোৱাৰ ফলত স্থানীয় ৰাইজ,ৰোগী আৰু উক্ত পথেৰে যাতায়ত কৰা ৰাইজে যমৰ যাতনা ভুগিব লগা হয়। কপিলীৰ জলপৃষ্ঠ বৰ্তমান যথেষ্ট তলত থকাৰ বাবে নৈপৰীয়াই ক্ষন্তেকৰ বাবে স্বস্তিৰ নিশ্বাস এৰিছে যদিও কপিলীৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পালে ভয়াৱহ বান সৃষ্টি হোৱাৰ আশংকাত আতংকিত হৈ পৰিছে। তদুপৰি জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হোৱাৰ আশংকায়ো আলি দোমোজাত পেলাইছে সমগ্ৰ অঞ্চলটোৰ ৰাইজক। উক্ত পথছোৱা নৈৰ বুকুত জাহ যোৱাৰ ফলত বৃহস্পতিবাৰে প্ৰশাসনে পথটোৰে যাতায়ত বন্ধ ঘোষণা কৰে। নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ শ্বাহ আৰু ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। বিধায়ক দাসে সংবাদ মাধ্যমৰ আগত কয় যে উক্ত খহনীয়াৰ বিষয়ে মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে উক্ত স্থানৰ মেৰামতি কৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছে । বিধায়কগৰাকীয়ে কয় যে কাইলৈৰ পৰা উক্ত স্থানত জৰুৰীকালীন বাহন যাব পৰাকৈ এটা উপ-পথ নিৰ্মাণ কৰা হ’ব আৰু দুই-তিনি মাহৰ ভিতৰত স্থায়ী সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব। ইফালে নৈপৰীয়া ৰাইজে মৰণত শৰণ দি নেদেখাজনক ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনাইছে । নগাঁও গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু বিষয়া সকলক লগত লৈ বকুলগুৰি, গাৰুখোন্দা আৰু চাংচকী গাঁও পঞ্চায়তৰ অন্তৰ্গত বান বিধ্বস্ত বহু কেইটা স্থান বৃহস্পতিবাৰে পৰিদৰ্শন কৰে বিধায়ক শশীকান্ত দাসে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author