জুবিনৰ মন্তব্য সম্পৰ্কত বিধায়ক ৰূপক শৰ্মাৰ সংবাদমেল

1 min read

নিউজ ব্যুৰ’,নগাঁও,৫ অক্টোবৰ :–অসমীয়া ভাষাই ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰা বিষয়টোয়ে সমগ্ৰ অসমবাসীৰ মনত বহু দিনীয়া অপেক্ষাৰ অন্ত পেলাই আনন্দৰ লহৰ তুলিছে। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা স্বীকৃতি প্ৰদানৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেবিনেটক প্ৰদান কৰা পৰিবৰ্তে অসমৰ বৌদ্ধিক মহলে ইয়াৰ কৃতিত্ব অসম সাহিত্য সভাৰ লগতে কুলধৰ শইকীয়াৰ প্ৰদান কৰা দেখা গৈছে। ইয়াৰ মাজতে বিজেপি বিধায়কসকলে সংবাদমেল আয়োজন কৰি অসমীয়া ভাষায়ে ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰাৰ কৃতিত্ব প্ৰদান কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। লগতে মাতৃ ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পাছত কি কি দিশত সুবিধা হ’ব তাকো বহলাই বাখ্যা কৰে সংবাদমেলত। শনিবাৰে নগাঁও বিজেপি কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি নগাঁও বটদ্ৰৱা বিধায়ক ৰূপক শৰ্মাই কণ্ঠশিল্পী জুবিন গাৰ্গে ধ্ৰুপদী ভাষাৰ স্বীকৃতি সম্পৰ্কে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া জুবিন গাৰ্গৰ নিজা মন্তব্য,সেয়া অসমবাসীৰ মন্তব্য নহয়। সংবাদমেলত জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ,সীমান্ত বৰা আৰু অলক মণি ভট্টাচাৰ্য্য উপস্থিত থাকে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author