নতুন দিল্লীত পাট কাপোৰৰ বস্ত্ৰ সম্ভাৰেৰে সংযুক্তা দত্তৰ চমক

1 min read

লেকমে’ ফেশ্বন উইক ২০২৪ত উজলিল অসমীয়াৰ পাট-কাপোৰ। অসমৰ শিপিনীৰ হাতৰ পাট কাপোৰে অসমৰ সুদক্ষ ফেশ্বন ডিজাইনাৰৰ হাতত প্ৰাণ পাই উঠিল লেকমে’ ফেশ্বন উইকত ৷ ভাৰতৰ অন্যতম সমাদৃত ফেশ্বন শ্ব’ ‘লেকমে’ ফেশ্বন উইক’ত আকৌ এবাৰ উজলি উঠিল অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ পাটৰ কাপোৰৰ বস্ত্ৰ সম্ভাৰ ৷ আন্তঃৰাষ্ট্ৰীয় বিশাল ফেশ্বনৰ জগতখনত নিজৰ স্থান উলিয়াই ল’বলৈ ইতিমধ্যেই সক্ষম হোৱা অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তই আকৌ এবাৰ লেকমে’ ফেশ্বন উইকত দেখুৱালে নিজৰ ডিজাইনৰ অসম পাটৰ বস্ত্ৰ সমাহাৰৰ চমক৷

ডিজাইনাৰ সংযুক্তা দত্তই দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা লেকমে ফেশ্বন উইক, ২০২৪ত তেওঁৰ শেহতীয়া ডিজাইনৰ চমকপদ বস্ত্ৰ সম্ভাৰৰ সংকলন “হেঁপাহ… দ্য ডিজায়াৰ”ৰ জৰিয়তে এক সকলোকে মুগ্ধ কৰি তোলে ৷ বয়সে স্পৰ্শ কৰিব নোৱাৰা বলীউডৰ অভিনেত্ৰী তথা ভাৰতীয় মডেলিং জগতৰ তাৰকা সংগীতা বিজলানীয়ে ৰেম্পত খোজ দিলে সংযুক্তা দত্তই ডিজাইন কৰা ফেশ্বনৰ আটকধুনীযা বস্ত্ৰ পৰিধান কৰি ৷ সংযুক্তাৰ শেহতীয়া নতুন ফেশ্বনৰ পাট কাপোৰৰ বস্ত্ৰসম্ভাৰ প্ৰদৰ্শন কৰা হোটেল গ্ৰ্যান্ডত অনুষ্ঠিত শ্ব’টোত সংগীতা বিজলানীয়ে পৰিধান কৰা পাটৰ বস্ত্ৰই অনন্য কলাত্মক মাত্ৰা লাভ কৰে।

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভায়’লীনবাদক অসমৰে জীয়াৰী সুনীতা ভূঞাই ভায়’লীনৰ মনোমোহা লাইভ প্ৰদৰ্শনেৰে সংযুক্তা দত্তৰ “হেঁপাহ.. দ্য ডিজায়াৰ” শ্বটোত অধিক প্ৰাণ সঞ্চাৰ কৰে। এক কথাত অসমী আইৰ দুই কন্যা সংযুক্তা দত্তৰ সুন্দৰ ডিজাইন আৰু সুনীতা ভূঞাৰ ভায়’লীনৰ যাদুকৰী ৰাগৰ সমাহাৰত অসমৰ পাট কাপোৰে এইবাৰ লেকমে’ ফেশ্বন উইকত অভিনৱ উপস্থাপনেৰে উচ্চ স্থান লাভ কৰে।

You May Also Like

More From Author