ট্ৰেডিং কেলেংকাৰীৰ ৪১ টা গোচৰ ইতিমধ্যে হস্তান্তৰ কৰা হৈছে চিবিআইক
প্ৰথমে দীপাংকৰ বৰ্মন কাণ্ডৰ তদন্ত আৰম্ভ কৰিব তদন্তকাৰী সন্থাটোৱে।
আজি চিবিআইৰ গড়চুকস্থিত কাৰ্যালয়লৈ তলব কৰা হৈছে বহু ভুক্তভোগীক। ইফালে বিশাল-চুমিৰ ট্ৰেডিং কেলেংকাৰী গোচৰ সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড়লৈ ৰাওনা হৈছে চিবিআইৰ এটা দল। উল্লেখযোগ্য যে, ৩৫২/২০২৪ নম্বৰৰ গোচৰটো চমজি লৈছে চিবিআয়ে। চুমি-বিশাল আৰু তাৰ্কিকক জেলতেই জেৰা কৰিব চিবিআই দলটোৱে।