পাঁচ নাবালিকাক যৌন আতিশয্য চলাই আত্মগোপন কৰা শিক্ষকক নিলম্বন…

1 min read

পাঁচজনকৈ নাবালিকা ছাত্ৰীক যৌন আতিশয্য চলাই বিগত এপষেক ধৰি পলাতক হৈ থকা কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী বৰো ভদেয়াগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ওমৰ আলি শ্বেখক অৱশেষত বিটিচিৰ শিক্ষা বিভাগে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বিত কৰিছে। জানিব পৰা মতে অতি প্ৰতিপত্তিশীল শিক্ষকগৰাকীয়ে নিজৰ বিদ্যালয়ৰে পাঁচগৰাকীকৈ ছাত্ৰীক যোৱা জুন মাহৰ পৰাই ভয় দেখুৱাই যৌন আতিশয্য চলাই আহিছিল ৷

উক্ত ঘটনা সন্দৰ্ভত যোৱা ২৩ ছেপ্তেম্বৰত সকলো তথ্য পোহৰলৈ অহাৰ পাছতে শিক্ষকগৰাকীয়ে ঘটনাটো গাপ দিয়াৰ বাবে বিভিন্ন মহলক মেনেজ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলায় যদিও পাছত বিফল হৈ আত্মগোপন কৰে। যোৱা ২৫ ছেপ্তেম্বৰত কোকৰাঝাৰ থানাত শিক্ষকগৰাকীৰ বিৰুদ্ধে ২২৩/২৪ নম্বৰত গোচৰ পঞ্জীয়ন হৈছিল ৷

যোৱা ২৪ ছেপ্তেম্বৰৰ পৰা পলাতক হৈ থকা শিক্ষক জনক বিটিচি শিক্ষা বিভাগৰ সঞ্চালক জ্যোতি প্ৰসাদ ব্ৰহ্মই স্বাক্ষৰিত চিঠি নম্বৰ DE/BTC/Gen1-1/enquiry/2021/462 যোগে যোৱা চাৰি অক্টোবৰতে নিলম্বিত কৰে৷ ইয়াৰোপৰি ইমানদিনে পলাতক অৱস্থাত থকা শিক্ষকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত গঞাৰাইজৰ লগতে ভুক্তভোগী পৰিয়ালৰ লোকেও ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ্য যে, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ডo শ্যামল শইকীয়াৰ নেতৃত্বত তিনিজনীয়া আয়োগৰ এটা দলে যোৱা চাৰি অক্টোবৰৰ পৰা কোকৰাঝাৰত বাহৰ পাতি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। বিগত সময়ছোৱাত হাত সাবটি বহি থকা শিক্ষা বিভাগে আয়োগৰ দল কোকৰাঝাৰত উপস্থিত হোৱাৰ উমান পাই শিক্ষক জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ বাধ্য হয়।

অথচ আৰক্ষীয়ে শিক্ষক জনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হোৱাৰ পাছতে শিক্ষা বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল। ন দিনৰ মূৰতহে শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰে। আনপিনে বিদ্যালয়খনৰ প্ৰধান শিক্ষকজন পলাতক হৈ থকাৰ পাছৰে পৰা বিদ্যালয়খনৰ শৈক্ষিক ব্যৱস্থা অচল হৈ পৰে।

৪০ জনৰো অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ দুজনেই মাত্ৰ শিক্ষক। প্ৰধান শিক্ষকজন অপকৰ্মত লিপ্ত হৈ পলাই থকাত এজনীয়া শিক্ষকেৰে বিদ্যালয়খন চলাবলগীয়া হোৱাত শৈক্ষিক ব্যৱস্থাটোৱে বিনষ্ট হৈ পৰিছে ৷ গঞা ৰাইজে শীঘ্ৰে বিদ্যালয়খনত এগৰাকী শিক্ষয়িত্ৰী নিযুক্তি দিবলৈ দাবী জনাইেছে।

You May Also Like

More From Author