বৃহস্পতিবাৰৰ পৰা নগাঁৱৰ গেদাৰবড়িত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় নাট সমাৰোহ

1 min read

১২অক্টোবৰত মুকলি সভাত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই

নিউজ ব্যুৰ’,নগাঁও,৯অক্টোবৰ :– উত্তৰ-পূব ভাৰতৰ সর্ববৃহৎ ধর্মীয় অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ চতুর্বিংশতি সংখ্যক কেন্দ্রীয় অংকীয়া নাট সমাৰোহখনি অহা ১০অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ গেদাৰবড়িত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ ইতিমধ্য সমাৰোহস্থলী আটকধুনীকৈ সজাই পৰাই তুলিবলৈ আদৰণি সমিতিয়ে দিনে-নিশাই প্ৰস্তুতি অব্যাহত ৰাখিছে । এই সমাৰোহতে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া নাট প্রতিযোগিতামূলকভাৱে সংঘৰ নগাঁও জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ’ব। গেদাৰবড়িৰ শ্ৰীমন্ত শংকৰদেৱ আৰু বঢ়াৰ পো সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ’বলগীয়া সমাৰোহৰ কার্যসূচী অনুসৰি ১০অক্টোবৰত পুৱা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই তোৰণ উন্মোচন কৰাৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰিব সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। দিনৰ ১১বজাৰ পৰা নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। সংঘৰ সংস্কৃতি শাখাৰ সভাপতি পবিত্র প্রাণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত নাট সমাৰোহখনি উদ্বোধন কৰিব সংঘৰ প্রধান সম্পাদক কুশল ঠাকুৰীয়াই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে সংঘৰ পদাধিকাৰ ভবেন্দ্র নাথ ডেকা,নির্দিষ্ট বক্তা হিচাপে যুৱ সাংবাদিক এঞ্জেলা চাংমাই আৰু বিশিষ্ট অতিথি হিচাপে সত্ৰাধিকাৰ হিৰু প্রসাদ মহন্তই অংশগ্রহণ কৰিব। সন্ধিয়া বন্তি প্রজ্বলন কৰিব সংঘৰ ট্ৰাষ্ট সমিতিৰ সভাপতি প্রফুল্ল বৰাই। ইয়াৰ পিছতেই সংঘৰ নগাঁও জিলা শাখাই প্ৰদৰ্শন কৰিব “ৰাম বিজয়” অংকীয়া নাট। নাটখনি উদ্বোধন কৰিব মানৱদৰদী চিকিৎসক ডাঃ হিতেশ বৰুৱাই। লগতে সংঘৰ কলিয়াবৰ জিলা শাখাই প্রদর্শন কৰিব “কালীয় দমন” অংকীয়া নাট। ১১অক্টোবৰত দিনৰ ১বজাৰ পৰা শংকৰী সংস্কৃতি আৰু লোক কৃষ্টি প্রদর্শন অনুষ্ঠান হ’ব। এই অনুষ্ঠান মুকলি কৰিব সংঘৰ মুলৰ সদস্য মৌচুমী কাকতিয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব সাহিত্যিক কুশল চন্দ্ৰ হাজৰিকা আৰু শিল্পী কৃষ্ণমণি নাথে। সন্ধিয়া বস্তি প্রজ্বলন কৰিব সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি চেনাৰাম ডেকাই। ইয়াৰ পিছতেই গহপুৰ জিলা শাখাই প্ৰদৰ্শন কৰিব লগা “ৰাম বিজয়” নাটখনি উদ্বোধন কৰিব প্রাক্তন বিধায়ক ডাঃ দুর্লভ চমুৱাই। তদুপৰি কামপুৰ জিলা শাখাই প্ৰদৰ্শন কৰিব লগা “কালীয় দমন” নাটখনি উদ্বোধন কৰিব ৰহাৰ বিধায়ক তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি শশীকান্ত দাসে। ১২অক্টোবৰত অন্তিম দিনা দিনৰ ১১বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব। মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাখনি উদ্বোধন কৰিব সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই। নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সংঘৰ সাহিত্য শাখাৰ সম্পাদক ড° মানস প্রতীম বৰা। সভাত আমন্ত্রিত অতিথি হিচাপে মন্ত্রী কেশৱ মহন্ত,অজন্তা নেওগ,পীয়ূষ হাজৰিকা, বিধায়ক ৰূপক শর্মা,জিতু গোস্বামী,শশী কান্ত দাস,শিৱামণি বৰা,প্রাক্তন মন্ত্রী গৌতম বৰা,সাংসদ প্রদ্যুৎ বৰদলৈ, সংঘৰ সাংস্কৃতিক শাখাৰ সভাপতি পবিত্র প্রাণ বৰা,উপ পদাধিকাৰ চক্ৰধৰ সোনোৱাল আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইকে ধৰি ভালে সংখ্যক বিশিষ্ট লোকে ভাগ ল’ব। সন্ধিয়া বন্তি প্রজ্বলন কৰিব মূলৰ সদস্য নলিনী বৰাই। ইয়াৰ পিছতে অন্তিম দিনৰ নাট সমাৰোহত বিশ্বনাথ জিলা শাখাই প্ৰদৰ্শন কৰিব লগা নাট “কালীয় দমন” উদ্বোধন কৰিব চিকিৎসক ডাঃ নীলোৎপল সূতে। লগতে বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাই প্ৰদৰ্শন কৰিবলগা “ৰুক্মিণী হৰণ” নাটখনি উদ্বোধন কৰিব নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° গিৰিকান্ত গোস্বামীয়ে। সমাৰোহখনি সফল কৰি তুলিবলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, নগাঁও জিলা শাখাৰ সভাপতি চেনাৰাম ডেকা,সম্পাদক বিপুল শইকীয়া, আদৰণি সমিতিৰ সভাপতি নিৰ্মল শইকীয়া,সম্পাদক দৰ্শন মহন্ত প্ৰমুখ্য বিষয়ববীয়াসকলে সকলো ধৰ্মপ্ৰাণ ৰাইজলৈ অনুৰোধ জনাইছে ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author