কৰ্মচাৰীক মাৰ্চিডিজৰ দৰে বিলাসী বাহন উপহাৰ তীখা প্ৰতিষ্ঠানৰ!

1 min read

নিজৰ কৰ্মচাৰীসকলৰ কৰ্মদক্ষতাক স্বীকৃতি দি চেন্নাইৰ এটা উদ্যোগ প্রতিষ্ঠানে মার্চিডিজ, হুণ্ডাই ব্ৰেণ্ডৰ বিলাসী গাড়ী উপহাৰ দিয়াৰ তথ্য পোহৰলৈ আহিছে। কৰ্মচাৰীসকলক অধিক উৎসাহিত কৰিবলৈ এনেদৰে বিলাসী গাড়ী উপহাৰ দিছে চেন্নাইস্থিত এটা তীখা উৎপাদনকাৰী উদ্যোগে।

লক্ষ্যণীয়ভাৱে শেহতীয়াভাৱে কেতবোৰ উদ্যোগ-প্রতিষ্ঠানত কৰ্মচাৰীয়ে কামৰ হেঁচা বহন কৰিব নোৱাৰি আত্মহননৰ পথ বাছি লোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে। এনে অৱস্থাতে চলিত শাৰদ উৎসৱৰ বতৰত চেন্নাইৰ এই উদ্যোগ-প্রতিষ্ঠানে নিজৰ কৰ্মচাৰীসকলক দামী বিলাসী গাড়ী উপহাৰ দিছে। তদুপৰি একাংশ কৰ্মচাৰীক দামী দুচকীয়া বাহনো প্রদান কৰিছে।

এই সম্পৰ্কত প্রতিষ্ঠানটোৰ পৰিচালন সঞ্চালক শ্রীধৰ কন্ননে সংবাদ মাধ্যমৰ আগত কয় যে প্রতিষ্ঠানৰ কৰ্মচাৰীসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে এনেদৰে বিলাসী গাড়ী-দুচকীয়া বাহন উপহাৰ দিয়া হৈছে। তেওঁ লগতে জনোৱা মতে, এইবাৰ তেওঁলোকৰ প্রতিষ্ঠানে ২৮ জন কর্মীক বিলাসী গাড়ী আৰু ২৯ জনক দুচকীয়া বাহন উপহাৰ দিছে ।

কর্মদক্ষতা অনুসৰি কৰ্মচাৰীসকলক এনে দামী উপহাৰ দিয়া হৈছে বুলি সদৰী কৰি কন্ননে লগতে কয়, ‘বহু কৰ্মচাৰীয়ে নিজে গাড়ী কিনাৰ সপোন পুহি ৰাখে। আমি তেওঁলোকৰ এনে সপোন পূৰণ কৰি গাড়ী উপহাৰ দিছো। আমি উপহাৰ দিয়া গাড়ী তেওঁলোকৰ পছন্দ নহ’লে ক’বলৈ কৈছিলো যাতে তেওঁলোকৰ নিজা পছন্দৰ গাড়ী কিনিবলৈ আমি ধন আদায় দিব পাৰো।’ প্রতিষ্ঠানটোত মুঠ কৰ্মচাৰীৰ সংখ্যা ১৮০ জন।

একাংশ কৰ্মচাৰীক শাৰদ উৎসৱৰ উপহাৰ হিচাপে নগদ ৫০ হেজাৰৰ পৰা এক লাখ টকাকৈ পুৰস্কাৰ দিয়া বুলিও কন্ননে সদৰী কৰে। পূৰ্বৰে পৰা প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীক এনেদৰে কৰ্মদক্ষতাৰ স্বীকৃতি দি আহিছে বুলিও প্রতিষ্ঠানটোৰ শীৰ্ষ বিষয়াজনে প্রকাশ কৰিছে।

You May Also Like

More From Author