নগাঁৱৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ বিশেষ সাধাৰণ সভা সম্পন্ন

1 min read

প্ৰাগজ্যোতিষ বনিয়াক সভাপতি-জনাৰ্দন গোস্বামী সম্পাদক ৰূপে নতুন সমিতি

নিউজ ব্যুৰ’,নগাঁও,৫অক্টোবৰ:–নগাঁও জিলাৰ বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ ঐতিহ্য বহনকাৰী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি”ৰ বহু প্ৰত্যাশিত বিশেষ সাধাৰণ সভাখন অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উৰিয়াগাঁও চকৰ সমীপৰ ভূমি বহিৰাগত বণিক গোষ্ঠীক প্ৰদান কৰি থলুৱা ব্যৱসায়ী তথা ঐতিহ্যমণ্ডিত খেলপথাৰখন নোহোৱা কৰাৰ পৰিকল্পনা প্ৰতিহত কৰি ৰাইজৰ জয় সুনিশ্চিত কৰা উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ বিগত কাৰ্যকালৰ সমূহ কৰ্মসূচী পাঠ কৰে সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই । ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত সভাত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিয়ে বৃহত্তৰ অসমৰ উজনি-নামনি অসমৰ সংযোগস্থল উৰিয়াগাঁৱত যাত্ৰীৰ আহ-যাহৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰী জিৰণি চ’ৰা,এ টি এম স্থাপন,ওখ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা,সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি এখন পুলিচ থানা সংস্থাপন কৰাৰ লগতে উৰিয়াগাঁও খেলপথাৰখন মিনি ষ্টেডিয়ামৰূপে গঢ়ি তুলিবলৈ বৰ্তমানৰ ভূমিখিনি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা হস্তান্তৰকৰণৰ কাম আৰু অধিক ক্ষীপ্ৰতৰ কৰিবলৈ কেতবোৰ কাৰ্যপন্থা হাতত লয়। এই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক সাক্ষাতৰ লগতে পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক লগ কৰিবলৈ দিল্লীলৈকে যোৱাৰ ভৱিষ্যত পৰিকল্পনাৰ কথা ব্যক্ত কৰে প্ৰাগজ্যোতিষ বনিয়াই। সভাত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই কয় যে অসম আন্দোলনেই নহয় স্বাধীনতা আন্দোলনৰ আগৰ আহোমৰ সময়ৰ ৰজাখেদা নগঁঞা সিন্ধুৰা হাজৰিকাই জন্মগ্ৰহণ কৰা এই উৰিয়াগাঁৱৰ ভৱিষ্যৎ নৱপ্ৰজন্মৰ হাতত। সেয়ে ২০২৪-২০২৬ বৰ্ষৰ উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিখন নৱপ্ৰজন্মৰ উদ্যোগত আৰু জ্যেষ্ঠসকলৰ সহযোগত গঠন হোৱা উচিত। লগতে আধৰুৱা হৈ থকা কামখিনি নতুন সমিতিয়ে শীঘ্ৰে সমাপনৰ হ্ৰস্বকালীন পৰা কল্পনা কৰিবলৈ মত ব্যক্ত কৰে। সভাত বিগত কাৰ্যকালত সৰ্বমুঠ জমা ৭,১১,৪৬৩ টকা আৰু সৰ্বমুঠ খৰচ ৬,৭৭,৪৩৩ টকাৰে ৩৪,০৩০টকা ৰাহি বাজেটৰ হিচাপ পৰীক্ষকৰ প্ৰতিবেদনো পাঠ কৰে। সভাৰ অন্তত আগন্তুক দুটা বৰ্ষৰ বাবে সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হয় প্ৰাগজ্যোতিষ বনিয়া। অসম আন্দোলনৰ অগ্ৰণী নেতা পিতাম্বৰ শইকীয়াক কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে উদীয়মান যুৱক জনাৰ্দন গোস্বামীক লৈ এখন শক্তিশালী কাৰ্যকৰী সমিতি গঠন কৰে। প্ৰায় শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ আতঁ ধৰে ৰাজ হাজৰিকাই। ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author