নিজ বৃদ্ধা মাতৃৰ সৈতে লজ্জা*জনক কাণ্ড সুৰাসক্ত পুত্ৰৰ

0 min read

ইটোৰ পিছত সিটোকৈ ধৰ্ষণ তথা নাৰী নিৰ্যাতনৰ জঘন্য কাণ্ডই লজ্জানত কৰিছে দেশক। এনে ধৰণৰ নৃশংস তথা ঘৃণনীয় ঘটনাই দেশৰ নাৰী সুৰক্ষাৰ ফোঁপোলা স্বৰূপ উন্মোচিত কৰিছে তুলিছে। এইবাৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰত সংঘটিত হৈছে মানৱতাক ভুলুণ্ঠিত কৰা এনে এক জঘন্য কাণ্ড। নিজ পুত্ৰৰ হাততে ধৰ্ষণৰ হৈছে এগৰাকী বৃদ্ধা মহিলা। মানৱ সমাজক লজ্জানত কৰা এনে পাশৱিক কাণ্ডৰ কথা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। ইতিমধ্যে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱকজনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

প্ৰকাশিত খবৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে গোৰখপুৰৰ গোলা থানা এলেকাৰ এখন গাঁৱত। গাঁওখনৰে বাসিন্দা এই ৫৩ বছৰীয়া মহিলাগৰাকী। তেওঁৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহিলাগৰাকীৰ মুঠ চাৰিটা সন্তান আছে। ইতিমধ্যে তেওঁৰ দুই কন্যাক বিয়া দিয়াৰ বিপৰীতে জ্যেষ্ঠ পুত্ৰয়ো বিয়া কৰাইছে। পত্নীৰ সৈতে দিল্লীতে থাকে জ্যেষ্ঠ পুত্ৰ। আনহাতে তেওঁৰ জীৱিকাহীন সৰু পুত্ৰ গাঁৱ্ৰ ঘৰতে থাকে।

সুৰাসক্ত সৰু পুত্ৰক লৈ চিন্তিত হৈ পৰিছিল মহিলাগৰাকী আৰু সেয়ে ড্ৰাগছৰ অভ্যাস ত্যাগ কৰি কোনো কামত জড়িত হ’বলৈ মহিলাগৰাকীয়ে সৰু পুত্ৰক সততে বুজনি দি আহিছিল। মাতৃৰ এই উপদেশ গ্ৰহণ কৰাৰ পৰিৱৰ্তে যুৱকজনে উলোটাই কাজিয়াতহে লিপ্ত হৈছিল। কেৱল এয়াই নহয়, প্ৰায়ে গাঁৱৰ মানুহৰ লগতো কাজিয়াত লিপ্ত হৈছিল যুৱকজন। ইয়াকে লৈ মহিলাগৰাকীৰ চিন্তা অধিক বৃদ্ধি পাইছিল।

মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে যোৱা নিশা আহাৰ গ্ৰহণৰ পিছত তেওঁ নিজ বিচনাত শুই আছিল। আন দিনাৰ দৰেই মদ্যপান কৰি আহিছিল পুত্ৰই। হঠাতে তেওঁ দেহত কাৰোবাৰ স্পৰ্শ অনুভৱ কৰি বয়তে জপিয়াই উঠে। ভালদৰে চাই তেওঁ কাষতে থকা নিজ পুত্ৰক ধৰিব পাৰে আৰু এই ৰাতি তেওঁ কি কৰি আছে বুলি প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰত যুৱকজনে নিজ মাতৃক মনে মনে থাকিবলৈ ধমক দিয়ে আৰু অন্যথা ডিঙি চেপি হত্যা কৰাৰ ভাবুকি দিয়ে।

যুৱকজনে লগতে মাতৃয়ে তেওঁতকৈ ককায়েকক অধিক মৰম তথা বিশ্বাস কৰা বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে গাঁৱৰ মাটিও তেওঁৰ নামত হস্তান্তৰ কৰা হোৱা নাই বুলি উষ্মা প্ৰকাশ কৰে। এনেদৰে গালি গালাজৰ পিছতে নিজ মাতৃকে ধৰ্ষণ কৰে কুলাংগাৰ পুত্ৰই। ইফালে পুৱা মহিলাগৰাকীয়ে এই সমগ্ৰ ঘটনাৰ বিষয়ে জ্যেষ্ঠ পুত্ৰক অৱগত কৰে আৰু লগে লগে তেওঁৰ জ্যেষ্ঠ পুত্ৰ দিল্লীৰ পৰা ঘৰত উপস্থিত হয়। পুত্ৰৰ উপদেশ মানিয়েই তেওঁ নিজ কনিষ্ঠ পুত্ৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

এই সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত তেওঁৰ পুত্ৰৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে। তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে গাঁওখনত উপস্থিত হয় আৰু আৰক্ষীক দেখি পলায়নৰ চেষ্টা কৰে অভিযুক্তই। অৱশ্যে পলায়নৰ চেষ্টা কৰা যুৱকজনক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয় আৰু লগে লগে গ্ৰেপ্তাৰ কৰে। এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াজনে।

You May Also Like

More From Author