ধিং পৌৰ সভাৰ উদ্যোগত আৰু ধিং বজাৰ ব্যৱসায় সমিতিৰ সহযোগত স্বচ্চতা ওপৰত সজাগতা সভা অনুষ্ঠিত

0 min read

ধিং পৌৰ সভাৰ উদ্যোগত আৰু ধিং বজাৰ ব্যৱসায় সমিতিৰ সহযোগত ধিং বজাৰৰ মাজ মজিয়াত এখন স্বচ্চতা ওপৰত সজাগতা সভা অনুষ্ঠিত হয় ।সভাত ধিং পৌৰ সভাৰ কাৰ্যবাহী বিষয়া চোনচিতা লাংথাচা উপস্হিত থাকি কয় যে ধিং এখন উন্নত ঠাই আৰু ই ব্যৱসায় স্হলী গতিকে বজাৰ খন পৰিস্কাৰ পৰিছন্নকৈ অতি প্রয়োজন লগত সভাত সকলোকে স্বচ্চতা ওপৰত মনোযোগ দিবলৈ আহ্বান জনায় ।সভাত ধিং পৌৰ সভাৰ স্বচ্চ ভাৰত মিছনৰ দায়িত্বত থকা ৱাৰ্ড কমিছনাৰ দিবাকৰ নাথ মজুমদাৰ আৰু শিল্পী শিখা গগৈ উপস্থিত থাকি কয় যে পৰিস্কাৰ পৰিছন্নতাই এজন সুস্থ জীৱন যাপন কৰাত, সুস্থ মানসিকতা গঢ়াত আৰু সুস্থ সমাজ গঢ়াৰ উপাদান। সেয়ে আজি ভাৰত চৰকাৰৰ স্বচ্চ ভাৰত মিছন আধাৰত ধিং বজাৰ মাজ মজিয়াত পৌৰসভাৰ তৰফৰ পৰা ব্যৱসায়ী সকলক অভিযানত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহবান জনায় । সভাত চি পি অ দেৱ কিংকৰ কলিতা ,ইউ টি অ নন্দী,ধিং পৌৰ সভাৰ গাণণিক বিষয়া ৰৌচন চোপ্রা, চাফাই কৰ্মী সকলৰ লগতে ধিং বজাৰ ব্যৱসায় সমিতিৰ সম্পাদক ৰুদ্ৰ কান্ত শইকীয়া আৰু প্ৰায় শতাধিক ব্যৱসায়ী উপস্থিত থাকে।

ধিঙৰ পৰা সুৰুজ আলী।

You May Also Like

More From Author