গহপুৰত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। পাষাণ পিতৃৰ হাতত প্ৰাণ গ’ল ৭ বছৰীয়া পুত্ৰৰ। শোৱাপাটীতে গাৰুৰে হেঁচি হত্যা নিজ পুত্ৰক। তাৰ পাছত নিজেও ল’লে চৰমপন্থা। এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙীত। নিজৰ ৭ বছৰীয়া পুত্ৰক গাৰুৰে হেঁচি হত্যা কৰিলে জন্মদাতা পিতৃয়ে। জানিব পৰা মতে সোলেঙীস্থিত এপল’ কোম্পানীৰ এটি টায়াৰ ডিলাৰৰ স্বত্বাধিকাৰী চিদানন্দ শইকীয়াৰ পুত্ৰ মৃগাংক শইকীয়াই শুকুবাৰে বিয়লি তেওঁৰ পুত্ৰ আয়ুস্মানক ডিঙি চেপি হত্যা কৰে। স্থানীয় আইডেল একাডেমীৰ প্ৰথম শ্ৰেণীৰ ছাত্র আছিল আয়ুস্মান শইকীয়া।
পত্নী ঘৰত নথকাৰ সুযোগ লৈ মৃগাংক শইকীয়াই শোৱাপাটীতে গাৰুৰে হেঁচি হত্যা কৰিছিল নিজ পুত্ৰক। ঘটনা সংঘটিত কৰিয়েই স্কুটিৰে পলায়ন কৰিছিল মৃগাংক শইকীয়াই। তাৰ পাছত নিশা গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বড়িগাঁও তিনিআলিৰ সমীপত নিৰ্মীয়মাণ এটা দুই মহলীয়া অট্টালিকাত আত্মহত্যা কৰে পাষাণ পিতৃ মৃগাংক শইকীয়াই। ইয়াৰ পাছতে ঘটনাই লৈছে নতুন মোৰ।
ঘটনা অনুসৰি কিছুদিন পূৰ্বে সম্পন্ন হৈছিল আয়ুস্মানৰ কাণৰ অস্ত্ৰোপ্ৰচাৰ । অস্ত্ৰোপচাৰ সম্পন্ন হোৱাত মৃগাংকৰ বায়েক আৰু ভিনিহিয়েকে আয়ুস্মানৰ খবৰ ল’বলৈ আহিছিল। সেই সময়ত শোৱাপাটীতে পৰি আছিল আয়ুস্মান। আয়ুস্মানৰ খবৰ ল’বলৈ অহা বায়েক আৰু ভিনিহিয়েকক ঘৰৰ ভিৰতলৈ যাবলৈ বাধা দিছিল ধৃত মৃগাংকই। আয়ুস্মান বিচনাত শুই আছে বুলি কৈ তেওঁলোকক ভিতৰলৈ যোৱাত বাধা দিছিল মৃগাংকই। কিন্তু কিছু সময়ৰ পাছতে পত্নীয়ে আহি ঘৰত সোমাই প্ৰত্যক্ষ কৰে অনাকাঙ্খিত দৃশ্য। প্ৰত্যক্ষ কৰিলে নিথৰ হৈ পৰি থকা আয়ুস্মানক।
তাৰ পাছত বায়েক-ভিনিহিয়েকে আয়ুস্মানক ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও আয়ুস্মানক মৃত ঘোষণা কৰে চিকিৎসকে । ঘটনাটোৰ পাছতে পিছতে হুৱাদুৱা লাগে ঘৰখনত। সেই সময়তকে নিজ শোৱনী কোঠাৰ ভিতৰত এই পাশৱিক কাণ্ডটো সংঘটিত কৰা পাষান পিতৃ মৃগাংক শইকীয়াই ঘৰৰ পৰা পলায়ন কৰে।খবৰ দিয়াৰ পাছত ঘটনাস্থলীত উপস্থিত হয় গহপুৰ আৰক্ষী।
পাষাণ পিতৃৰ হাতত প্ৰাণ যোৱা আয়ুস্মানৰ মৃত্যুই শোকাচ্ছন্ন কৰি তোলে সমগ্ৰ অঞ্চল। ইয়াৰ পাছতে নিশা পিতৃৰূপী দানৱ মৃগাংক শইকীয়াই দুমহলীয়া অট্টলিকাত বাছি লয় চৰমপন্থা। কিন্তু কিয় পুত্ৰ হত্যাৰ দৰে মহাপাপ কৰিলে মৃগাংক শইকীয়াই? সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই। অনুশোচনা নে আন কিবা কাৰণত মৃগাংক শইকীয়াই ল’লে চৰমপন্থা?এই প্ৰশ্নৰ উত্তৰো এতিয়ালৈ পোহৰলৈ অহা নাই।