বিগত ৬ টা দিনে সন্ধানহীন হৈ থকা যোৰহাট টিয়কৰ মধুস্মীতা বৰুৱা (২৪) নামৰ যুৱতী গৰাকীৰ অৱশেষত মৃতদেহ উদ্ধাৰ হৈছে । লেপেটাকটা আৰক্ষী চকীৰ অন্তৰ্গত কোটোহা আলিয়াচুকৰ চেঁচা নদীত উদ্ধাৰ হয় মৃতদেহ ।
উল্লেখ্য যে, ৩ নৱেম্বৰত বৰবৰুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতী গৰাকী । ঘটনাৰ সন্দৰ্ভত পংকজ গগৈ নামৰ টিয়কৰ এজন যুৱকক বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পিছত পুনৰ তিনিদিনৰ বাবে আৰক্ষী জিম্বাত আনি তদন্ত অব্যাহত ৰাখিছে ।
উল্লেখ্য যে, মধুস্মীতা বৰুৱাই লেপেটকটা ঘূৰণীয়াত বায়েকৰ সৈতে থাকি এটা কোম্পানীত কৰ্মৰত আছিল । টিয়কৰে যুৱক পংকজে মধুস্মীতাক মৰাণ অইলত চাকৰি কৰো বুলি মিছা প্ৰলোভন দি প্ৰেমৰ সম্পৰ্ক গঢ়িছিল । উক্ত দিনা মৰাণ ছ্যুকাফা নগৰত দুয়ো এৰাতি থকাৰ পিছত পংকজে মধুস্মীতাক ট্ৰেভেলাৰ গাড়ীত উঠাই পথিওৱাৰ পিছৰ পৰা যুৱতী গৰাকী নিৰুদ্দেশ হৈ আছিল ।
আজি স্থানীয়লোকে চেঁচা নদীত এগৰাকী যুৱতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত লেপেটকটা আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ।