পুত্ৰ পোহৰৰ জন্মদিন পতাৰ হেঁপাহ বুকুত সামৰিয়েই অজান দেশলৈ ডাঃ অনিন্দিতা পাটোৱাৰী, জটিল ৰোগৰ সৈতে যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত মানিলে হাৰ
জিএমচিএইচৰ চিকিৎসক ডাঃ অনিন্দিতা পাটোৱাৰীৰ বিয়োগত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ। এবছৰীয়া পুত্ৰৰ প্ৰথমটো জন্মদিনতে মাতৃবিয়োগৰ এই ঘটনাই মৰ্মাহত কৰিছে পৰিয়ালৰ লগতে আত্মীয়-স্বজনক।
ডাঃ অনিন্দিতা পাটোৱাৰীৰ একমাত্ৰ সন্তানটোৰ নাম পোহৰ। আজি পোহৰৰ জন্মদিন। পোহৰৰ জন্মদিনটোতেই ঘৰখনলৈ নামি আহিল বিষাদৰ আন্ধাৰ! এই দিনটোতেই পৃথিৱীৰ পৰা মেলানি মাগিলে পোহৰৰ মাতৃ অনিন্দিতা পাটোৱাৰীয়ে।
পুত্ৰ পোহৰৰ জন্মদিনটো উলহ-মালহেৰে পালন কৰাৰ বৰ ইচ্ছা আছিল মাতৃ অনিন্দিতাৰ। হাস্পতালৰ বিছনাত থাকিও পোহৰৰ বাবে জীয়াই থাকিব লাগিব বুলি কৈ আছিল তেওঁ।
এগৰাকী মেধাৱী ছাত্ৰী হিচাপেও সুখ্যাতি অৰ্জন কৰিছিল অনিন্দিতা পাটোৱাৰীয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল অনিন্দিতা পাটোৱাৰী। কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত যোৰহাট মেডিকেল কলেজৰ পৰা MBBS ডিগ্ৰী লাভ কৰে তেওঁ।
২০২০ চনত বিবাহপাশত আবদ্ধ হৈছিল অনিন্দিতা পাটোৱাৰী আৰু ভাৰ্গৱ কলিতা। ২০২৩ৰ ৯ নৱেম্বৰত তেওঁলোকৰ জীৱনলৈ আহিছিল পুত্ৰ পোহৰ। যোৱা বছৰৰে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত কৰ্কট ৰোগ ধৰা পৰিছিল অনিন্দিতা পাটোৱাৰীৰ। দীৰ্ঘদিন ধৰি গুৱাহাটীৰ হেলথ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল চিকিৎসকগৰাকী।
চিকিৎসালয়ৰ বিছনাৰ পৰাই পুত্ৰ পোহৰৰ জন্মদিন পালন কৰিবলৈ বিচাৰিছিল, যদিও সফল নহ’ল তেওঁ। সাংস্কৃতিক ক্ষেত্ৰতো যথেষ্ট আগৰণুৱা আছিল অনিন্দিতা। সত্ৰীয়া, ভ’কেল ইত্যাদিত বিশাৰদ হৈ লণ্ডনত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছিল অনিন্দিতা পাটোৱাৰীয়ে।