ধুবুৰীৰ দুমাৰদাহত উত্তপ্ত পৰিস্থিতি। দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ক্ষোভিত ৰাইজৰ। ধুবুৰীৰ দুমাৰদাহত পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু হৈছিল এজন স্কুলীয়া ছাত্ৰৰ। মৃত ছাত্ৰজনৰ নাম যতীন ৰায়। মহেশ চন্দ্ৰ একাডেমী হাইস্কুলৰ ছাত্ৰ আছিল মৃত যতীন ৰায়। পুৱা ঘৰৰ পৰা ওলাই অহা যতীন গৈ নাপালে বিদ্যালয়। কিয়নো পথত ৰৈ আছিল কালৰূপী মৃত্যুদূত। এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে মহেশ চন্দ্ৰ একাডেমী হাইস্কুলৰ প্ৰধান শিক্ষক আৰু দুজন ছাত্ৰ।
ঘটনা অনুসৰি, পুৱা আটাইয়ে বিদ্যালয়লৈ বুলি এখন ই-ৰিক্সাখনত আহি আছিল। ইপিনে অমায়িক ছাত্ৰজনৰ মৃত্যুৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ক্ষোভিত লোকসকলে দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ আইনা ভাঙি যথেষ্ট ক্ষতিসাধন কৰে। মৃত যতীন ৰায়ৰ উচিত ক্ষতিপূৰণৰ দাবীত স্থানীয় ৰাইজ তথা মহেশ চন্দ্ৰ একাডেমী হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ফলত বহু সময়লৈ ৰাজপথত আবদ্ধ হৈ পৰে শতাধিক যান-বাহন। পৰৱৰ্তী সময়ত ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ লগতে গুৰুতৰভাৱে আহত তিনিওকে চিকিৎসালয়ত ভৰ্তি কৰে।