আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু কথা। প্ৰকৃততে মঙলবাৰে প্ৰসেনজিত বৰুৱা নামৰ লোকজনৰ ওপৰত চলা আক্ৰমণ আছিল পূৰ্বপৰিকল্পিত। পত্নীয়ে ছুপাৰি দি হত্যা চেষ্টা চলাইছিল প্ৰসেনজিতক। প্ৰসেনজিতৰ পত্নীয়ে স্বামী প্ৰাণে মৰাৰ বাবে ১৫ হাজাৰ টকা প্ৰদান কৰিছিল যুৱকজনক। ইতিমধ্যে আক্ৰমণকাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰিছে যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে।
যোৰহাটৰ শ’লমৰাৰ চাঞ্চল্যকৰ ঘটনাৰ নতুন মোৰ। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে নতুন তথ্য। প্ৰথমতে সেয়া ডকাইতিৰ ঘটনা বুলি সন্দেহ কৰিছিল সকলোৱে। কিন্তু, সেয়া ডকাইতি নাছিল, আছিল পূৰ্ব পৰিকল্পিত হত্যাৰ চেষ্টা। সেয়া ডকাইতি নাছিল, আছিল পূৰ্ব পৰিকল্পিত হত্যাৰ চেষ্টা।আৰক্ষীৰ তদন্ত আজি পোহৰলৈ আহিল ঘটনাৰ আঁৰৰ বহু ৰহস্য। মঙলবাৰে বাইকেৰে এজন যুৱকক লিফ্ট প্ৰদান কৰি আক্ৰমণৰ বলি হৈছিল প্ৰসেনজিত বৰুৱা নামৰ এজন লোক।
ঘটনা অনুসৰি, ৰাজপথত বাইকৰে আহি থকা অৱস্থাত প্ৰসেনজিৎ বৰুৱাক এজন ব্যক্তিয়ে বিচাৰিছিল সহায়। মঙলবাৰে নিশা পশ্চিম যোৰহাটৰ শ’লমৰাত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো।মানৱতাৰ খাতিৰত প্ৰসেনজিৎ বৰুৱায়ো আগ-পিছ নাভাবি অচিনাকি ব্যক্তিজনক বাইকত বহুৱাই। ইয়ালৈ সকলোবোৰ ঠিকে আছিল। তাৰ পাছত সংঘটিত হ’ল অনাকাংশিত ঘটনাটো।বাইকত লিফ্ট দিয়াৰ পিছতেই প্ৰসেনজিৎ বৰুৱাক পিছৰ চিটত বহি যোৱা লোকজনে হঠাৎ আক্ৰমণ কৰে। পিছফালৰ পৰা ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে প্ৰসেনজিৎ বৰুৱাক।