আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত হ’ব ধাৰাবাহিক আন্দোলন:আটাছু

0 min read

আহোম জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে আটাছু ৷ আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে আটাছুৰ সভাপতি বসন্ত গগৈয়ে ৷

বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিস্থ দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে আটাছুৰ নেতৃবৰ্গ ৷

দীৰ্ঘদিন ধৰি ৰাজ্যৰ বৃহত্তম জনগোষ্ঠীটোৰ জনজাতিকৰণ বিষয়টো নানান অজুহাত দেখুৱাই চৰকাৰে হোহোকাই পিছুৱাই থকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ১০ ডিচেম্বৰত দিল্লীত আটাছুৰ বৃহৎ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হ’ব বুলি সদৰি কৰে আটাছুৰ সভাপতি গৰাকীয়ে ৷

মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে তাই আহোম জনগোষ্ঠীৰ লোকক মানসিকভাৱে হাৰাশাস্তি কৰাৰ সমান্তৰালভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো ৰাজনৈতিক ইচ্যু কৰাৰ গুৰুতৰ অভিযোগ কৰে আটাছুৰ সভাপতি বসন্ত গগৈয়ে ৷

You May Also Like

More From Author