দৰং জিলাত বাঘৰ আক্ৰমণত আজি আৰু এজন লোক আহত হয়। জিলাখনৰ দলগাঁও থানাৰ অন্তৰ্গত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ দাঁতি কাষৰীয়া কাছোমাৰী গাঁৱত পুৱা প্ৰায় ৮ বজাত ঘটনাটো সংঘটিত হয়। পথাৰত কাম কৰি থকাৰ সময়তে দুৰ্ভগীয়া ব্যক্তি জন বাঘৰ অতৰ্কিত আক্ৰমণৰ সন্মুখীন হয়। গুৰুতৰভাৱে আহত স্হানীয় ব্যক্তি জনক ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ঘটনাৰ খবৰ পোৱা মাত্ৰকে বন বিভাগ আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ ধৰিছে। ইয়াৰ পূৰ্বে জিলাখনৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত বদলি বৰালি চৰত ধাননি পথাৰত কাম কৰি থকা অৱস্থাত যোৱা দেওবাৰে বাঘৰ আক্ৰমণত এজন লোক গুৰুতৰভাবে আহত হৈছিল।
অৱশ্যে পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিতসাধীন অৱস্থাতে মৃত্যু হয়। নিহত লোকজনৰ পৰিয়ালক বন বিভাগৰ তৰফৰ পৰা বিভাগীয় নিয়ম অনুসৰি ক্ষতিপূৰণ দিয়াৰ কথা ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই ইতিমধ্যে ঘোষণা কৰিছে।
ইয়াৰ পূৰ্বে চলিত মাহৰে সাত তাৰিখে জিলাখনৰ ধূলা থানাৰ অন্তৰ্গত এন্ চি গৰাপৰী গাঁৱত পথাৰৰ পৰা উভতি আহি থকা অৱস্থাত বাঘৰ আক্ৰমণত এগৰাকী মহিলা আহত হৈছিল।