গুৱাহাটীত যুৱতীক ছুৰিকাঘাত কৰি হত্যা কৰা যুৱকক চিনাক্ত, লোমহৰ্ষক ঘটনা সংঘটিত কৰি নিজকে শেষ কৰাৰ চেষ্টা যুৱকজনৰ…

1 min read

গুৱাহাটীত যুৱতীক ছুৰিকাঘাত কৰা যুৱকক চিনাক্ত। ৰাজপথতে যুৱতীক ছুৰীৰে আক্ৰমণ চলোৱা যুৱকজনৰ নাম ভূপেন দাস। ভূপেন দাসৰ ঘৰ নলবাৰীত। মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক ছুৰিকাঘাত কৰাৰ পিছত চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলায় যুৱকজনে।

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সামাজিক মাধ্যমযোগে জনোৱা অনুসৰি, যুৱতীগৰাকীক ছুৰিকাঘাত কৰাৰ পিছতে চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলায় লোকজনে। বৰ্তমান আহত লোকজনক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, এইজন ভূপেন বৰাই মৌচুমীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল। কিন্তু প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে বিভিন্ন সময়ত ভাবুকি দি আহিছিল মৌচুমীক। এমাহ পূৰ্বে জালুকবাৰীত দা লৈ মৌচুমীক খেদি ফুৰিছিল ভূপেন বৰাই। ভূপেনৰ অতপালিত অতিষ্ঠ হৈ পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল মৌচুমী গগৈয়ে।

আজি পুৱাৰ ভাগত লাষ্টগে’টত মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক ছুৰিকাঘাত কৰে ভূপেন দাসে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় যুৱতীগৰাকীৰ। লাষ্টগে’টৰ নাহৰণি পথত সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা। আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱতীগৰাকী।

যুৱতীগৰাকীৰ পেট, ডিঙি আৰু হাতত ছুৰিৰে আঘাত কৰিছিল ভূপেন দাসে। AS O1JC 7814 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনত আহি যুৱতীগৰাকীক আক্ৰমণ কৰিয়ে পলায়ন কৰে ভূপেন দাসে। নাহৰণি পথৰ ১৪নং ঘৰৰ সন্মুখত সংঘটিত হয় এই ঘটনা।

যুৱতীগৰাকীয়ে ৰেপিড’ৰ বাবে ৰৈ আছিল পথৰ দাঁতিত। সেই সময়তে এখন ছুইফ্ট ডিজায়াৰ বাহন আহি যুৱতীগৰাকীক আক্ৰমণ কৰে ভূপেনে। আক্ৰমণ কৰাৰ পিছতে বাহনখনেৰে সেই স্থানৰ পৰা পলায়ন কৰে দুৰ্বৃত্তই।জানিব পৰা মতে, স্বাস্থ্যৰ বিভাগৰ কৰ্মচাৰী আছিল যুৱতীগৰাকী। পিতৃ এগৰাকী আৰক্ষী বিষয়া। যুৱতীগৰাকীৰ প্ৰকৃত ঘৰ মৰাণত। গুৱাহাটীৰ লাষ্টগে’টৰ নাহৰণি পথত এমাহ ধৰি ভাৰাতীয়া হিচাপে আছিল যুৱতীগৰাকী।

You May Also Like

More From Author