গুৱাহাটীৰ লাষ্টগে’টত কোনে ছুৰি মাৰিলে যুৱতীক? প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ…

1 min read

মহানগৰীৰ ৰাজপথত যুৱতীক ছুৰিকাঘাত। দিন দুপৰতে ৰাজপথত ছুৰিৰে আক্ৰমণ এগৰাকী যুৱতীক। মহানগৰীৰ লাষ্টগে’টৰ নাহৰনি পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নাহৰনি পথৰ ১৪নং ঘৰৰ সন্মুখতে সংঘটিত হয় এই ঘটনা।

ৰেপিড’ৰ বাবে ৰৈ থকাৰ সময়তে যুৱতীগৰাকীক আক্ৰমণ কৰে দুৰ্বৃত্তই। এখন ছুইফ্ট ডিজায়াৰ বাহনত আহিছিল যুৱতীগৰাকী। ছুৰিৰে আক্ৰমণ কৰিয়ে বাহনখনেৰে পলায়ন কৰে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় যুৱতীগৰাকী। আহত যুৱতীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখানৰ বাবেই ছুৰীৰে আক্ৰমণৰ সন্দেহ কৰা হৈছে। কিছুদিন পূৰ্বে এজন লোকৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে দিছিল গোচৰ। পাণবজাৰ থানাত যুৱতীগৰাকীয়ে দাখিল কৰিছিল এজাহাৰ।

যুৱতীগৰাকীৰ ঘৰ ডিব্ৰুগড়ত বুলি জানিব পৰা গৈছে। আৰক্ষী বিষয়াৰ জীয়ৰী যুৱতীগৰাকীয়ে স্বাস্থ্য বিভাগত কাম কৰে। বিগত এমাহ ধৰি সেই স্থানত ভাৰাতীয়া হিচাপে আছিল যুৱতীগৰাকী।

 

_ UPDATE_

জানিব পৰা মতে, এখন ছুইফট ডিজায়াৰত অহা দুৰ্বৃত্তই সংঘটিত কৰিলে এই কাণ্ড। সেই সময়ত ৰেপিড’ৰ বাবে ৰৈ আছিল যুৱতীগৰাকী। আহত যুৱতীগৰাকীৰ নাম মৌচুমী গগৈ। ঘটনা সংঘটিত হোৱাৰ লগে লগে খবৰ দিয়া হয় আৰক্ষীক। তাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈছে মহানগৰ আৰক্ষী।

ছুৰিৰে আক্ৰমণ কৰিয়ে বাহনখনেৰে পলায়ন কৰে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় যুৱতীগৰাকী। আহত যুৱতীগৰাকীক প্ৰেৰণ কৰা হয় হাস্পতাললৈ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱতীগৰাকীৰ। চিকিতসকে যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। ডিঙি, পেটত আৰু হাতত যুৱতীগৰাকীক ছুৰিকাঘাত কৰে দুৰ্বৃত্তই।

ঘটনা অনুসৰি যুৱতীগৰাকীয়ে পথৰ দাঁতিত ৰেপিড’ৰ বাবে ৰৈ আছিল। সেই সময়তে যুৱতীগৰাকীৰ কাষত ৰয় এখন ছুইফ্ট ডিজায়াৰ বাহন। বাহনখনৰ পৰা ওলাই আহিয়ে দুৰ্বৃত্তই  যুৱতীগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰে। আক্ৰমণৰ পাছতে বাহনখনেৰে সেই স্থানৰ পৰা পলায়ন কৰে দুৰ্বৃত্তই।

তথ্য অনুসৰি কিছুদিন পূৰ্বে এজন লোকৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে দিছিল গোচৰ। পাণবজাৰ থানাত যুৱতীগৰাকীয়ে দাখিল কৰিছিল এজাহাৰ। প্ৰেমজনিত কাৰণত ৰুজু কৰা হৈছিল সেই গোচৰ।এই আক্ৰমণৰ সৈতে সেই ঘটনাৰ সম্পৰ্ক থকাৰ সন্দেহ আৰক্ষীৰ। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখানৰ বাবেই ছুৰীৰে আক্ৰমণৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীৰ চি চি টিভিৰ কেমেৰাৰ ফুটেজ পৰীক্ষা কৰিছে মহানগৰ আৰক্ষীয়ে।  অৱশ্যে আক্ৰমণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

মৃত মৌচুমীৰ ঘৰ ডিব্ৰুগড়ৰ মৰাণত।  বিগত এমাহ ধৰি সেই স্থানত ভাৰাতীয়া হিচাপে আছিল যুৱতীগৰাকী।  যুৱতীগৰাকী বয়স ২৮ বছৰ। যুৱতীগৰাকীৰ পিতৃৰ নাম প্ৰফুল্ল গগৈ বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ পিতৃ এগৰাকী আৰক্ষী বিষয়া বুলি জানিব পৰা গৈছে। স্বাস্থ্য বিভাগত কাম কৰে আৰক্ষী বিষয়াৰ কন্যা মৌচুমীয়ে।

এই ঘটনাৰ পাছতে এতিয়া উত্থাপন হৈছে বহু প্ৰশ্নৰ। গুৱাহাটী মহানগৰীত সুৰক্ষিত নহয় নেকি মহিলা, যুৱতী? কেনেকৈ আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হ’বলৈ পালে এনে ঘটনা? কোনে সংঘটিত কৰিলে এই ঘটনা? সকলো ৰহস্য আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব।

You May Also Like

More From Author