পলাশবাৰী,৩০ ডিচেম্বৰ: ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰনৰ উদ্দেশ্য ৰাভা হাছঙ স্বায়ত্বশাসিত পৰিষদৰ বিশেষ পদক্ষেপ গ্ৰহণ । আজি প্ৰায় ৩০ গৰাকী শিক্ষাৰ্থীক ৰাভা হাছঙ স্বায়ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাৰ উপস্থিতিত এক সভাৰ জৰিয়তে জলপানী প্ৰদান কৰা হয় । অনুষ্ঠানত জলপানী প্ৰদানৰ লগতে APSC-UPSC পৰীক্ষালৈ কিদৰে প্ৰস্তুতি কৰিব লাগে এই সন্দৰ্ভতো সদ্যহ অসম আৰক্ষী সেৱাত উত্তীৰ্ণ জ্যেতিষ্মিতা মেধীৰ উপস্থিতিত পৰ্যালোচনা কৰা হয় ।
উক্ত অনুষ্ঠানত ৰমাকান্ত ৰাভাৰ লগতে ছয়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ কমল ঠাকুৰীয়া, অধ্যাপক উপেন ডেউকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাভা গোটৰ সাধাৰণ সম্পাদক কৌশিক ৰাভা প্ৰমুখ্যে ৰাভা জাতীয় দল সংগঠনৰ প্ৰতিনিধি বৰ্গও উপস্থিত থাকে ।
ছয়গাঁৱৰ ৰিহাবাৰীত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষাৰ্থীক জলপানী প্ৰদান অনুষ্ঠান
![](https://guwahatitimes.com/wp-content/uploads/2024/12/IMG-20241230-WA0059-scaled.jpg)