২০২৪ চনৰ শেষৰটো মাহ, কেইদিনমানৰ পাছতে নতুন বছৰ আহিব। ৰাজ্যবাসীৰ মনত দেখা গৈছে উৎসুকতা। বছৰৰ শেষৰ সময়খিনিত বিভিন্ন স্থানত প্ৰীতি ভোজৰ আয়োজন হৈছে, বনভোজ স্থলীলৈ বনভোজপ্ৰেমী সকল যাবলৈ লোৱাৰ সময়খিনিতে এটি বেয়া খবৰ আহিছে। এই বেয়া খবৰটো কেৱল শিৱসাগৰবাসীৰ বাবে। কিয়নো শিৱসাগৰত পাবলৈ নাই গাহৰি মাংস। গাহৰি মাংস বিচাৰি হাবাথুৰি খালেও আপুনি শিৱসাগৰত নাপায় গাহৰি। সম্পূৰ্ণৰূপে শিৱসাগৰত বন্ধ হৈ পৰিল গাহৰি মাংস। বিগত ১৯ নৱেম্বৰৰ পৰা শিৱসাগৰ জিলাখনত বন্ধ হৈ আছে গাহৰি মাংস।
শীতৰ আগমনৰ লগে লগে ঠায়ে ঠায়ে প্ৰীতিভোজৰ আয়োজন চলিছে। প্ৰীতিভোজ মানেই হাঁহ, মাছৰ লগতে গাহৰি অন্যতম আকৰ্ষণ। গাহৰিৰ সোৱাদ ল’বলৈ ৰৈ থাকে গাহৰি প্ৰেমীসকল। কিন্তু, এইবাৰ ভোগৰ বতৰ আৰম্ভ হোৱাৰ সময়তে আহিল গাহৰি প্ৰেমীসকললৈ এক বেয়া খবৰ। যি খবৰে এইবাৰ আশাহত কৰিছে গাহৰি ভালপোৱা লোকসকলক।
পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ। শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত ডিমৌ উন্নয়ন খণ্ডৰ অধীনত থকা ইকৰাণি গ্ৰাণ্ট আৰু বৰ দেউধাই জাপিসজীয়া অঞ্চলত পুনৰ দেখা দিছে আফ্ৰিকান ছোৱাইন ফিভাৰে। বিশেষকৈ ভাৰতবৰ্ষত নোহোৱা এই গাহৰিৰ ৰোগত বিগত দুটা বছৰ ধৰি শিৱসাগৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত গাহৰি পশুধন আক্ৰান্ত হৈ আহিছে।