দুগৰাকী পত্নী আছেই, তাৰ পিছতো অন্য মহিলাৰে প্ৰেম! মহানগৰীৰ মাজ-মজিয়াত প্ৰেয়সীক প্ৰাণ লোৱাৰ চেষ্টা মাতাল প্ৰেমিকৰ!

1 min read

সন্ধিয়া তেতিয়া প্ৰায় ৭.৩০ বাজিছে। মহানগৰীৰ গণেশগুৰিত ব্যাপক ভিৰ। বছৰৰ শেষৰটো দেওবাৰ। বজাৰলৈ ওলাই আহিছিল সকলো। তাৰ মাজতে হঠাৎ চিঞৰ-বাখৰ লাগিল। এগৰাকী মহিলাই চিঞৰি চিঞৰি কান্দি কান্দি ক’লে ‘মোক বচাওক। মোক মাৰি পেলাব এতিয়া। দা লৈ মোক কাটিবলৈ আহিছে।’ মহিলাগৰাকী দৌৰি গৈ সোমাল দিছপুৰ থানাত। পৰিস্থিতি বিষম দেখি সেই স্থানৰ পৰা পলায়ন কৰে যুৱকজনে।

মৌচুমী গগৈ কাণ্ডৰ ৭২ ঘণ্টা অতিক্ৰম নৌহওতেই গুৱাহাটী মহানগৰীত আন এক ভয়ংকৰ ঘটনা। দিছপুৰ থানা চৌহদৰ ৱালৰ কাষতে মহিলাগৰাকীক ছুৰিকাঘাতৰ চেষ্টা চলালে ৰাজেশ দেৱ নামৰ লোকজনে। ৩ বছৰ পূৰ্বে ৰাজেশৰ সৈতে চিনাকি হৈছিল মহিলাগৰাকীৰ। গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু ছমাহ পূৰ্বে মহিলাগৰাকীয়ে গম পাই যে ৰাজেশ বিবাহিত। দুগৰাকী পত্নী আছে ৰাজেশৰ। দুগৰাকী পত্নীৰ ফালৰ পৰা ৪টা সন্তান আছে ৰাজেশৰ। লগে লগে ৰাজেশৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আঁতৰি আহে মহিলাগৰাকী। তাতেই খৰ্গগ্ৰস্ত হৈ পৰে ভণ্ড প্ৰেমিক ৰাজেশ দেৱ।

ৰাজেশে মহিলাগৰাকীৰ ওপৰত আৰম্ভ কৰিলে মাৰপিট। ভয়-ভাবুকি দিবলৈ ধৰিলে। মহিলাগৰাকী যেনি যায়, তাতেই গৈ ৰৈ থাকে ৰাজেশ। ছমাহ পূৰ্বে মহিলাগৰাকীক ঘৰতে এখন দাৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছিল। সৌভাগ্যক্ৰমে ৰক্ষা পৰিছিল মহিলাগৰাকী। ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে পাণ্ডু থানাত দাখিল কৰিছিল এজাহাৰ। কাৰণ পাণ্ডুত ভাড়াত থাকে ৰাজেশ। নিশাই থানালৈ আৰক্ষীয়ে লৈ আনিছিল ৰাজেশক। পুনৰ এনে কাণ্ড নকৰো বুলি কোৱাত আৰক্ষীয়ে যাবলৈ দিছিল ৰাজেশক।

কিন্তু পুনৰ ছমাহৰ পিছত অৰ্থাৎ দেওবাৰে মহিলাগৰাকীক ছুৰী মাৰি হত্যাৰ চেষ্টা ৰাজেশৰ। পৰকীয়া প্ৰেমিক ৰাজেশ দেৱৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ। দিছপুৰ থানাৰ সমীপত পৰকীয়া প্ৰেমিক ৰাজেশ দেৱ ছুৰিকাঘাতৰ বাবে ৰৈ আছিল থকাৰ অভিযোগ কৰে মহিলাগৰাকীয়ে। লোকজনৰ আক্ৰমণাত্মক ৰূপ দেখি দিছপুৰ থানাত দৌৰি দৌৰি প্ৰৱেশ কৰি আৰক্ষীৰ সহায় লয় মহিলাগৰাকীৰ।

You May Also Like

More From Author