প্ৰথম খো খো বিশ্বকাপৰ কাউণ্টডাউন আৰম্ভ; নতুন দিল্লীত দহ ডিচেম্বৰৰ পৰা ভাৰতীয় দলৰ শিবিৰ

1 min read

 

নতুন দিল্লী, ৬ ডিচেম্বৰ ঃ অহা ২০২৫ চনৰ ১৩-১৯ জানুৱাৰীলৈ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিশ্বকাপ খো খো প্ৰতিযোগিতা৷ নতুন দিল্লীৰ আই জি আই ষ্টেডিয়ামত হ’বলগা প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দলটো বাচনি কৰিবলৈ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই] আৰু কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যান বিভাগে দেশৰ ৰাজধানীত এক অনুশিলন শিবিৰৰ আয়োজন কৰিছে৷

ভাৰতীয় খো খো ফেডাৰেচনে এই সম্পৰ্কে জনোৱা অনুসৰি অহা দহ ডিচেম্বৰৰ পৰা এই শিবিৰ দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আৰম্ভ হৈ ২০২৫ চনৰ এঘাৰ জানুৱাৰীলৈকে চলিব৷ ৰাষ্ট্ৰীয় শিবিৰটোলৈ ৬০ জনকৈ পুৰুষ আৰু মহিলা খেলুৱৈক অংশ লোৱাৰ বাবে সমগ্ৰ দেশৰ পৰা বাচনি কৰা হৈছে৷ অহা ন ডিচেম্বৰত খেলুৱৈসকলে নতুন দিল্লীত সমবেত হ’ব৷

এই কঠোৰ প্ৰশিক্ষণত খেলুৱৈসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি তথা তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বিশ্বকাপৰ বাবে চূড়ান্ত ভাৰতীয় পুৰুষ আৰু মহিলা দল দুটা নিৰ্বাচন কৰা হ’ব৷ উল্লেখ্য যে অত্যাধুনিক ব্যৱস্থাৰে হ’বলগা এই শিবিৰত ছয়জন প্ৰশিক্ষক আৰু অন্যান্য সহায়ক কৰ্মচাৰীৰ লগতে ছয় জন ফিজিঅ’থেৰাপিষ্ট থাকিব৷ সকলো দিশ পৰিচালনা কৰিব ছাই আৰু কেন্দ্ৰীয় ক্ৰীড়া বিভাগে৷

ভাৰতীয় খো খো ফেডাৰেচনে মতে উৎকৃষ্টতাৰ পৰা প’ডিয়ামলৈ ৰূপান্তৰৰ চাবিকাঠি খেলুৱৈৰ বিকাশৰ প্ৰতিটো দিশৰ যত্ন লোৱাতেই নিহিত হৈ আছে৷ বিশ্বমানৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ ফেডাৰেচনে কোনো সুৰুঙা ৰাখিব বিচৰা নাই৷ উচ্ছমানৰ সুবিধাৰ লগতে উন্নত প্ৰশিক্ষণ অধিবেশন আৰু আৰোগ্য কাৰ্যসূচী আগবঢ়োৱা হ’ব এই শিবিৰত৷ সেই অনুসৰি প্ৰতিজন খেলুৱৈৰ প্ৰয়োজনীয়তা পূৰণ কৰা নিখুঁতভাৱে পৰিকল্পিত খাদ্য, নিৰ্দেশনাৰ অধীনত মানসিক মূল্যায়ন সৃষ্টি কৰিব দেশৰ শ্ৰেষ্ঠ প্ৰশিক্ষকসকলৰ দ্বাৰা গঠিত এটা উচ্ছপৰ্যায়ৰ গোটে৷ প্ৰশিক্ষণ কাৰ্যসূচীত খেলুৱৈৰ প্ৰদৰ্শন আৰু স্বাস্থ্যৰ উন্নতিৰ বাবে অত্যাধুনিক ক্ৰীড়া বিজ্ঞান প্ৰযুক্তিও ব্যৱহাৰ কৰা হ’ব৷

ইনবডি ৭৭০ বডি কম্পোজিচন এনালাইজাৰ ঃ এই ব্যৱস্থাই খেলুৱৈসকলক শৰীৰৰ গঠন, ছেগমেণ্টেল পেশীৰ ভৰ, ভিতৰৰ চৰ্বি আৰু হাইড্ৰেচনৰ মাত্ৰাৰ ওপৰত নিখুঁত তথ্য প্ৰদান কৰে৷ এই তথ্যৰ জৰিয়তে প্ৰশিক্ষকসকলে প্ৰতিজন খেলুৱৈৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰু খাদ্য পৰিকল্পনা তৈয়াৰ কৰিব পাৰিব৷ ইয়াৰ উপৰিও কোষীয় স্বাস্থ্য আৰু আৰোগ্য নিৰীক্ষণৰ বাবে সম্পূৰ্ণ শৰীৰ ফেজ এংগল বিশ্লেষণ ব্যৱহাৰ কৰা হ’ব, যাৰ ফলত খেলুৱৈসকল শীৰ্ষ ফিটনেছত থকাটো নিশ্চিত কৰা হ’ব৷

জৈৱবৈদ্যুতিক ইম্পিডেন্স বিশ্লেষণ [বিআইএ] কৌশল ঃ শিবিৰত আঘাতৰ আশংকা হ্ৰাস কৰিবলৈ ভংগীমা আৰু নমনীয়তা বিশ্লেষণৰ লগতে পেশীৰ ভাৰসাম্যৰ বিশদ মূল্যায়নৰ বাবেও বিআইএক নিয়োগ কৰা হ’ব৷ এই বৈজ্ঞানিক সঁজুলিসমূহৰ পৰিপূৰক হ’ব বাস্তৱ সময়ৰ থ্ৰীডি বডি স্কেনিং প্ৰযুক্তিৰ দ্বাৰা ছেগমেণ্টেল পৰিধি জুখিব পৰাকৈ, যাৰ ফলত পেশীৰ একেধৰণৰ বিকাশ আৰু ভংগীমা সংশোধন নিশ্চিত হ’ব৷

সমগ্ৰ শৰীৰৰ ইএমএছ প্ৰশিক্ষণ ঃ এই শিবিৰটোৰ এটা উল্লেখযোগ্য দিশ হ’ল গোটেই শৰীৰৰ ইএমএছ ট্ৰেইনিঙৰ সংহতি৷ ই এটা বৈপ্লৱিক পদ্ধতি যিয়ে গতানুগতিক প্ৰশিক্ষণতকৈ অধিক পেশীৰ আঁহ সক্ৰিয় কৰে৷ এই প্ৰযুক্তিয়ে পেশীৰ ট্ৰেমিং, চৰ্বি হ্ৰাস আৰু পুনৰ্বাসন প্ৰদান কৰে৷ যাৰ ফলত খেলুৱৈসকলে গাঁঠিৰ টান নোহোৱাকৈ দ্ৰুত উন্নতি সাধন কৰিব পাৰে৷ ইএমএছ অধিবেশনে পেশীৰ বিষ আৰু জঠৰতা দূৰ কৰি আৰোগ্য লাভতো সহায় কৰিব৷

কে কে এফ আইৰ সভাপতি শুধাংশু মিট্টালে নিজৰ এই বিষয়ে কয় যে, ‘খো খো বিশ্বকাপ ভাৰতীয় ভূমিলৈ আনিবলৈ পাই আমি ৰোমাঞ্চিত হৈছো৷ এই প্ৰশিক্ষণ শিবিৰটো খেলুৱৈসকলৰ বাবে নিজৰ মেধা প্ৰমাণ কৰাৰ আৰু সঁচাকৈয়ে এক ঐতিহাসিক মুহূৰ্তৰ অংশ হোৱাৰ এক সোণালী সুযোগ৷ আমাৰ নিষ্ঠাবান প্ৰশিক্ষকসকলে এই শিবিৰৰ পৰা বিশ্বকাপৰ বাবে ভাৰতীয় দলটো শক্তিশালী ৰূপত গঢ় দিয়াত সহায় কৰিব৷’

ইফালে, কে কে এফ আইৰ সাধাৰণ সম্পাদক এম এছ ত্যাগীয়ে কয়, ছাই আৰু ক্ৰীড়া বিভাগৰ সহযোগত এই প্ৰশিক্ষণ শিবিৰ আমাৰ বিশ্বকাপৰ প্ৰস্তুতিৰ মূল শিলাস্তম্ভ৷ বিশেষজ্ঞৰ নিৰ্দেশনা আৰু অত্যাধুনিক সুবিধাৰ অধীনত ১২০ জন খেলুৱৈয়ে প্ৰশিক্ষণ লৈ আমি এটা শক্তিশালী ভাৰসাম্য দল গঢ়ি তোলাত সফল হ’ম বুলি আত্মবিশ্বাসী৷’

You May Also Like

More From Author