বান্ধ চীনৰ, নিৰ্মাণ হ’ব তিব্বতত! বিপদ নামিব অসমত!

1 min read

উত্তৰ পূৰ্বাঞ্চললৈ অশনি সংকেত নমাই আনিছে চীনৰ প্ৰস্তাৱিত সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্পই। তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিৰ্মাণ কৰিব ওলাইছে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প। ব্ৰহ্মপুত্ৰৰ ওপৰত ১৩৭ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় সাপেক্ষে বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তুতি চলাইছে ৰঙা চীনে।

চীনৰ বৃহৎ নদীবান্ধক লৈ উদ্বিগ্ন হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে ব্ৰহ্মপুত্ৰৰ পৰিৱেশ তন্ত্ৰ ধ্বংস কৰি পেলাব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। চীনৰ এই জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে শুকাই যাব ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ইতিমধ্যে চীনৰ বৃহৎ নদীবান্ধ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী।

চীনৰ জলবোমা সন্দৰ্ভত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও কেন্দ্ৰীয় চৰকাৰলৈ লিখিছে পত্ৰ। চীনৰ বৃহৎ নদীবান্ধ অসমৰ বাবে ডাঙৰ সমস্যা বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিয়নো ব্ৰহ্মপুত্ৰৰ জলস্তৰ শুকাই গ’লে অৰুণাচল প্ৰদেশ আৰু ভূটানৰ বৰষুণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব অসম। কিন্তু সেই সময়ত অৰুণাচল প্ৰদেশ আৰু ভূটানৰ বৰষুণৰ পৰিমাণ হ্ৰাস পালে অসমত দেখা দিব জলসংকটে। সমান্তৰালকৈ চীনৰ প্ৰস্তাৱিত বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ সম্পূৰ্ণ হৈ উঠাৰ পিছত অসমত জলপ্ৰলয়ৰ আশংকাও নুই কৰিব নোৱাৰি।

অৱশ্যে এই সন্দৰ্ভত চীনৰ সৈতে ভাৰত চৰকাৰৰ চলি আছে আলোচনা। বিগত সপ্তাহত তিব্বতৰ ভাৰত সীমান্তৰ সমীপত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ ঘোষণা কৰিছিল চীনে। তিব্বতৰ সৰ্ববৃহৎ তথা চীনৰ পঞ্চম সৰ্ববৃহৎ নদী ইয়াৰলুং ছাংপোত ১৩৭ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব ওলাইছে জলবিদ্যুৎ প্ৰকল্প। চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চল আৰু ভাৰতৰ অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ গৈছে ইয়াৰলুং ছাংপো নদী।

ভাৰতৰ লগতে বাংলাদেশৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে চীনৰ সৰ্ববৃহৎ নদীপ্ৰকল্প। কিয়নো নামনি ইয়াৰলুং ছাংপো অৰ্থাৎ ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ যো-জা কৰিছে চীনে। দক্ষিণ পূব তিব্বতৰ হিমালয় পৰ্বতমালাৰ ‘নামচা বৰৱা’ পৰ্বতত চীনে নিৰ্মাণ কৰিব ওলাইছে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প। য’ত ব্ৰহ্মপুত্ৰ নদীয়ে ইউ টাৰ্ণ লৈ অসম, অৰুণাচলৰ মাজেৰে বৈ গৈছে বাংলাদেশলৈ।

You May Also Like

More From Author