প্ৰিয়ংকা ভৰালী অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী। প্ৰিয়ংকাৰ সংগীতানুষ্ঠানে দৰ্শকক প্ৰদান কৰে অন্য এক মাদকতা। গীতৰ লগে লগে প্ৰিয়ংকাৰ নৃত্যই মোহিত কৰে দৰ্শকক।
বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে প্ৰিয়ংকা ভৰালীয়ে। প্ৰিয়ংকাৰ গীতৰ অনুৰাগীৰ সংখ্যাও কম নহয়। সামাজিক মাধ্যমতো যথেষ্ট সক্ৰিয় হৈ থাকে কণ্ঠশিল্পীগৰাকী।
সময়ে সময়ে অনুৰাগীসকলৰ বাবে নিজৰ ফটো-ভিডিঅ’ শ্বেয়াৰ কৰি থাকে প্ৰিয়ংকা ভৰালীয়ে। এইবাৰো তেনে এক খবৰে অনুৰাগীসকলক জনালে গায়িকাগৰাকীয়ে।
এইবাৰ বৰমালা ডিঙিত পিন্ধি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিলে প্ৰিয়ংকা ভৰালীয়ে। ডিঙিত ৰজনীগন্ধাৰ মালা পিন্ধি প্ৰিয়ংকাই শ্বেয়াৰ কৰিলে ফটো।
ফটোৰ কেপচনত প্ৰিয়ংকাই লিখিলে – আশীৰ্বাদ কৰিব। লগে লগে অনুৰাগীৰ শুভেচ্ছাৰ বৰষুণ।
অৱশ্যে পিছৰ ফালে প্ৰিয়ংকাই লিখিলে আচল কথাটো। আচলতে এয়া এক গীতৰ প্ৰচাৰহে। অতি শীঘ্ৰেই আহি আছে প্ৰিয়ংকাৰ ‘আগলি মৰম’ শীৰ্ষক গীতটো।
প্ৰিয়ংকাই লিখিছে – “আগলি মৰম” অতি শীঘ্ৰেই আপোনালোকৰ ওচৰলে আহি আছে সুন্দৰ নতুন গীতটি…আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ..।
Source: News18 Assam