মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?

1 min read

৯০ দশকৰ প্ৰথম শাৰীৰ অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম হ’ল মমতা কুলকাৰ্নী। বৰ্তমান তেওঁ ছচিয়েল মিডিয়াৰ চৰ্চাৰ কেন্দ্ৰবিন্দু। মহাকুম্ভ ২০২৫ৰ সময়ত কিন্নৰ অখাড়াৰ পৰা তেওঁক মহামণ্ডলেশ্বৰ স্বীকৃতি দিয়া হয়। কিন্তু ইয়াৰ বিৰোধিতা কৰে সেই অখাড়াৰ বাবাসকলে। উল্লেখযোগ্য যে মমতা কুলকাৰ্নীক মহামণ্ডলেশ্বৰ উপাধি দিয়াত ৰামদেৱ আৰু বাগেশ্বৰ বাবাৰ ফালৰ পৰাও কৰা হৈছে বিৰোধিতা। দুয়োগৰাকীয়ে কঠোৰ ভাষাৰে আক্ৰমণ কৰিছে অভিনেত্ৰীগৰাকীক। ক্ৰমবৰ্ধমান বিতৰ্কৰ পিছত মাত্ৰ ৭ দিনতে মমতা কুলকাৰ্নীৰ এই উপাধি কাঢ়ি লোৱা হয়।

মহামণ্ডলেশ্বৰ পদৰ পৰা আঁতৰাই দিয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে ৰজন শৰ্মাৰ শ্ব’ ‘আপ কী আদালত’ত অংশগ্ৰহণ কৰিছিল। সেই শ্ব’ত তেওঁৰ বিৰুদ্ধে উঠা সকলো অভিযোগৰ স্পষ্ট উত্তৰ দিয়ে। আনকি বিৰোধীসকলকো তীব্ৰ সমালোচনা কৰে। অভিনেত্ৰী মমতাৰ পৰা ৰজত শৰ্মাই জানিব বিচাৰে, ‘‘ৰামদেৱ বাবাই কৈছে, এদিনতে কোনোৱে সাধু-সন্যাসী হ’ব নোৱাৰে। আজিকালি দেখিছো, যিকোনো লোককে ধৰি আনি মহামণ্ডলেশ্বৰ বনাই দিয়া হৈছে।’’ ইয়াৰ উত্তৰত মমতাই কয়, তেওঁ ৰামদেৱক কেৱল ইমানেই ক’ব বিচাৰে যে তেওঁ মহাকাল আৰু মহাকালীক ভয় কৰা উচিত।

লগতে মমতা কুলকাৰ্নীয়ে মহামণ্ডলেশ্বৰ হোৱাৰ বিষয়ত আপত্তি কৰিছে বাগেশ্বৰ ধামেও। তেওঁ নিজেই মাত্ৰ ২৫ বছৰ বয়সত সন্যাসী হৈছিল। তেওঁ কয় যে ‘‘বাহ্যিক কোনো প্ৰভাৱত পৰি কিদৰে কাৰোবাক মহামণ্ডলেশ্বৰ কৰিব পাৰে? যাৰ অন্তৰত সাধু অথবা সাধ্বী হোৱাৰ ক্ষমতা আছে, তেওঁলোকৰহে সেয়া হোৱাৰ যোগ্যতা আছে।’’ আৰু এই বিষয়ত যোগ্য প্ৰত্যুত্তৰ দিছে মমতায়ো।

অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘ধীৰেন্দ্ৰ শাস্ত্ৰী ওৰফে বাগেশ্বৰ ধাম (২৫ বছৰ)ৰ দৰে সময়ৰ পৰাই মই তপস্যা কৰিছো। মই কেৱল ধীৰেন্দ্ৰ শাস্ত্ৰীক ক’ব বিচাৰো যে ‘‘নিজৰ গুৰুক প্ৰশ্ন কৰক, মই কোন? আৰু মনে মনে বহি শুনক।’’ ইয়াৰ পিছত প্ৰসংগ তোলা হয় যে মহামণ্ডলেশ্বৰ হোৱাৰ বাবে অভিনেত্ৰীগৰাকীয়ে ১০ কোটি টকা দিছে। যাৰ উত্তৰত মমতাই কয়, ১ কোটি টকাই নাই তেওঁৰ হাতত। ১০ কোটি বহু দূৰৰ কথা। তেওঁ কেৱল গুৰুক ২ লাখ টকা দিছে, কাৰণ তেওঁৰ সকলো বেংক একাউণ্ট জব্দ কৰা হৈছে।

সাধ্বী হোৱাৰ যাত্ৰাক লৈ মমতাই কয়, বিগত ২৩ বছৰ ধৰি তেওঁ এখনো প্ৰাপ্তবয়স্ক ছবি ছোৱা নাই। ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে কয়, তেওঁ কেতিয়াও মহামণ্ডলেশ্বৰ হ’ব বিচৰা নাই। কিন্তু কিন্নৰ অখড়াৰ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীৰ কথাত তেওঁ মহামণ্ডলেশ্বৰ হ’বলৈ সন্মত হৈছিল।

You May Also Like

More From Author