মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..

1 min read

ইণ্টাৰনেটত ভাইৰেল হোৱা এই হৃদয় বিদারক ভিডিঅ’ প্রয়াগৰাজৰ মহাকুম্ভৰ। ভিডিঅ’টোত এজন ব্যক্তিয়ে এক বৃদ্ধ দম্পতীক সহায় কৰা দেখা গৈছে। এই ভিডিতা’টোত বৃদ্ধ পিতৃ-মাতৃয়ে কৈছে যে কেনেকৈ তেওঁলোকৰ সন্তানে তেওঁলোকক এনেদৰে পৰিত্যাগ কৰিছে। তেওঁলোকে কান্দি কান্দি নিজৰ দুখৰ কথা বর্ণনা কৰে।
তেওঁলোকে কয় যে আমাৰ “তিনিজনী বোৱাৰীয়ে আমাক বহুত অশান্তি দিয়ে। পুত্রয়েও একো চোৱা-চিতা নকৰে আৰু অৱশেষত আমাক ইয়াতে এৰি থৈ গ’ল। এতিয়া আমি ক’ত যাম কি কৰিম একো ভাবি নোপোৱা হৈছোঁ।”
ভিডিঅ’টো কৰি থকা বাক্তিজনে এই বৃদ্ধ দম্পতীক সহায় কৰাৰ প্রতিশ্রুতি দিয়ে।
বৃদ্ধ দম্পতীৰ এই করুণ কাহিনীয়ে এতিয়া সকলৰে চকু সেমেকাই তুলিছ্যে সকলোৱে পুত্র-বোৱাৰীক একমুখে গৰিহণা দিছে। কোনো কোনোৱে কৈছে যে কর্মফলৰ পৰা কোনো সাৰি যাব নোৱাৰে। এটা সময়ত এনে দুর্ভোগ পুত্র-বোৱাৰীয়েও ভুগিব লাগিব।

You May Also Like

More From Author