গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..

1 min read

ৰাজধানী গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ-জঘন্য কাণ্ড। অশালীন ভিডিঅ’ বনোৱাৰ পৰিকল্পনাৰে এগৰাকী বিদেশী যুৱতীক দলবদ্ধ অপকৰ্মৰ চেষ্টা ৭ নৰপিশাচৰ। দিছপুৰ লাষ্টগেটৰ হোটেলৰ কোঠাত ৬ যুৱকে অশালীন ভিডিঅ’ প্ৰস্তুত কৰাৰ বাবে বাধ্য কৰাইছিল বিদেশী যুৱতীক। ৬ যুৱকে মিলি যুৱতীগৰাকীৰ শ্লীলতা হানিৰ লগতে কেমেৰাত ৰেকৰ্ডিং কৰে অশালীন দৃশ্য।

গুৱাহাটী মহানগৰ আৰক্ষীৰ জালত পৰিছে জঘন্য ঘটনাৰে জড়িত ৬ অভিযুক্ত। হোটেলৰ পৰা কৌশলেৰে পলায়ন কৰা বাংলাদেশী যুৱতীগৰাকীয়ে কাষ চাপে আৰক্ষীৰ। হোটেল আদিত্য পেলেচত অভিযান চলাই মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬ লম্পটক।

ক্ৰাইম ব্ৰাঞ্চ-আৰক্ষীৰ জালত পৰিছে বৰপেটাৰ চাদ্দাম হুছেইন, ছফিকুল ইছলাম, চুৰত জামাল, বকোৰ জাহাংগীৰ আলম, ছফিকুল হক আৰু মোল্লা জাহাংগীৰ। যুৱকৰ দলটোৱে আদিত্য পেলেচত বুক কৰিছিল ১০১ আৰু ১০২ নম্বৰ কোঠা দুটা।

ভুক্তভোগী বিদেশী যুৱতীয়ে আৰক্ষীৰ সন্মুখত দিছে জঘন্য ঘটনাৰ শিহৰণকাৰী বৰ্ণনা। ৭ হাজাৰ টকাৰ বিনিময়ত হাতীগাঁৱৰ জাকিৰ নামৰ এজনে যোগান ধৰিছিল বাংলাদেশী যুৱতী। অভিযুক্ত জাকিৰৰ বন্ধু বকোৰ ছফিকুল হকৰ হাতত গতাইছিল ২২ বছৰীয়া যুৱতীগৰাকীক। দলটোৰ পৰা কেইবাটাও মোবাইল ফোন জব্দ কৰা হৈছে। জব্দ কৰা মোবাইলত উদ্ধাৰ হৈছে বহু অপত্তিজনক ৰেকৰ্ডিং।

ভুৱা আধাৰ কাৰ্ড জমা দি বাংলাদেশী যুৱতীগৰাকীৰ নামত ৰুম বুক কৰিছিল চক্ৰটোৱে। এতিয়াও পলাতক বিদেশী যুৱতী যোগান ধৰা জাকিৰ। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

You May Also Like

More From Author