মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ সমস্যাৰ পৰা কিদৰে সকাহ পাব পাৰি জানো আহক

মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ সমস্যাৰ পৰা কিদৰে সকাহ পাব পাৰি জানো আহক

প্ৰত্যেক মাহে প্ৰতি গৰাকী মহিলাৰ এক সাধাৰণ ৰোগ হৈছে মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ সমস্যা। প্ৰতি গৰাকী মহিলাই মাহেকীয়াৰ সময়ত পেটৰ তলৰ অংশত তীব্ৰ বিষ অনুভৱ কৰে। মহিলাসকলে এই বিষত কোঙা হৈ থকা দেখিবলৈ পোৱা যায়। কিছুমান ঘৰুৱা উপায়েৰেও এই বিষৰ পৰা সকাহ পাব পাৰি।

১. কিচমিচ আৰু কেশৰেৰে এই বিষৰ পৰা মুক্তি পাব পাৰি। ৰাতি এটা বাটিত ক’লা কিচমিচ আৰু আন এটা বাটিত কেশৰ অলপ তিয়াঁই থব আৰু ৰাতিপুৱা সেইখিনি সেৱন কৰিলে মাহেকীয়া পেটৰ বিষ সকাহ পাব।

২. গৰম পানীৰ বটল বা হিটিং পেডৰেও এই বিষৰ পৰা মুক্তি পাব পাৰি। গৰম পানীৰ বেগ, হিটিং পেড বা কাঁচৰ বটলত গৰম পানী ভৰাই পেট আৰু পিঠিৰ তলৰ অংশ প্ৰায় ১০-১৫ মিনিটৰ বাবে সেক দিব। গৰম পানীৰ সেকে মাহেকীয়াৰ সময়ত বিষৰ পৰা উপশম পাবলৈ সহায় কৰে।

৩. মেথিৰ গুটিও উপকাৰী এই বিষৰ বাবে উপকাৰী হয়। ৰাতিয়ে পানীত তিয়াই দিব থৈ দিব আৰু ৰাতিপুৱা মেথিখিনি চাকনিৰে চেকি মেথিৰ পানীখিনি খাব।

৪. অধিক পৰিমানে পানী খাব লাগে। পানীয়ে শৰীৰটো হাইড্রেটেড কৰি ৰাখে। ইয়াৰ উপৰিও চাহ বা কফি সেৱন কৰাটোও উপকাৰী।

এইসমূহ ঘৰুৱা উপায়েৰেও এই সমস্যাসমূহ সমাধান কৰিব পাৰি।

GTM Desk