উত্তৰাখণ্ডৰ জলপ্রলয়ত সন্ধানহীন অসমৰ ৩ যুৱক

উত্তৰাখণ্ডৰ জলপ্রলয়ত সন্ধানহীন অসমৰ ৩ যুৱক

উত্তৰাখণ্ডৰ জলপ্রলয়ত কালিলৈ অসমৰ দুগৰাকী যুৱক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছিল যদিও আজি পুনৰ আন এগৰাকী যুৱক সন্ধানহীন বুলি খবৰ পোৱা গৈছে।

নগাঁও জিলাৰ কামপুৰ আৰক্ষী চকীৰ অন্তর্গত উত্তৰ চাংচকীৰ দুই ভাতৃ অমৰজ্যোতি দাস আৰু কমল দাসৰ লগতে হোজাইৰ শশান দালু নামৰ যুৱকগৰাকীও সন্ধানহীন হৈ আছে।

কালি হঠাতে হোৱা হিমস্খলনৰ পাছত উত্তৰাখণ্ডত ভয়ংকৰ জলপ্রলয়ৰ সূচনা হয়৷ এই ঘটনাৰ পাছৰে পৰা অমৰজ্যোতি, কমল আৰু শশান নিখোজ হৈ আছে৷ হিমস্খলনৰ পাছত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৩০জনতকৈও অধিক লোক।

এই লোকসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰা হৈছে। বৰ্তমানলৈ ১৮জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে ২০০ৰো অধিক লোক সন্ধানহীন বুলি জানিব পৰা গৈছে।

 

Source: Niyomiya Barta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.