Advertisement

এই ঘৰুৱা উপায়ৰে মুহূৰ্ততে দূৰ কৰক পেটৰ সমস্যা

এই ঘৰুৱা উপায়ৰে মুহূৰ্ততে দূৰ কৰক পেটৰ সমস্যা

গেছৰ সমস্যাই আমাৰ সকলোকে বাৰুকৈয়ে কষ্ট দিয়ে।বিশেষজ্ঞৰ মতে, দুৰ্বল খাদ্যাভ্যাস তথা জীৱনশৈলীৰ বাবে এই সমস্যাই দেখা দিয়ে।ইয়াৰ ফলত পেট, বুকুৰ লগতে তীব্ৰ মূৰৰ বিষ হয়।বহুতৰে গেছৰ বাবে বমি হোৱাৰ লগতে ডিঙিত কিবা লাগি থকাৰ দৰে অনুভৱ হয়।আপুনিও যদি ইয়াৰ ভুক্তভোগী, তেন্তে এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। কেতবোৰ ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰাই আপুনি অতি সোনকালে গেছৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।আজি এই বিষয়ে জানো আহক-

বেকিং চ’ডা

যদি পাকস্থলীত হোৱা গেছৰ সমস্যাই আপোনাৰ জীৱন কঠিন কৰি তুলিছে, তেনেহ’লে দৈনিক খালী পেটত এক চামুচ বেকিং চ’ডাত নেমুৰ ৰস মিহলি কৰি সেৱন কৰক।এই উপায়ৰে আপুনি অতি সোনকালেই গেছৰ পৰা সকাহ পাব।

হিং

সাধাৰণতে আমি খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে হিং ব্যৱহাৰ কৰো। কিন্তু মূহূৰ্ততে গেছৰ সমস্যা আঁতৰ কৰাতো হিং যথেষ্ট সহায়ক। ইয়াৰ বাবে আপুনি অকনমান হিং গৰম পানীৰ সৈতে মিহলি কৰি খাব লাগিব। দিনত কমেও ৩ বাৰ এনেদৰে খালে আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব।

জালুক

কেৱল গেছৰ সমস্যাৰ পৰা সকাহ দিয়াই নহয়, হজম শক্তি শক্তিশালী কৰাতো জালুক যথেষ্ট কাৰ্যকৰী। যদি পেটত গেছ থাকে, আপুনি গাখীৰৰ সৈতে মিহলি কৰি জালুক খাব পাৰে।

ডালচেনি

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ডালচেনি পানী খাব পাৰে। অলপ পানীত দুটুকুৰামান ডালচেনী দি উতলাব আৰু ঠাণ্ডা হোৱাৰ পাছত সেয়া সেৱন কৰিব। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত আপুনি ডালচেনিৰ পানী খাব পাৰে। যদি আপুনি ইয়াৰ সোৱাদ ভাল নাপায়, ইয়াত মৌ মিহলি কৰি খাব পাৰে।

নহৰু

যদি পেটত গেছ থাকে, তেন্তে আপুনি অলপ পানীত দুই-তিনি ফুটা নহৰু আৰু এক চামুচ জিৰা মিহলি কৰি উতলাই ঠাণ্ডা হোৱাৰ পাছত সেই পানীয় গ্ৰহণ কৰিব। দিনত দুবাৰকৈ এনেদৰে সেৱন কৰিলে গেছৰ সমস্যা একেবাৰে নাইকিয়া হ’ব।

Shahnawaz Hamza

Related