Advertisement

চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম…

চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম…

আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূর্ণ অংগ, অতি স্পর্শকাতৰ তথা দটিল ইন্দ্ৰিয় হ’ল চকু। সেয়ে চকুৰ সামান্যতম সমস্যাকো কেতিয়াও অৱহেলা কৰা উচিত নহয়।

কাৰণ সামান্য সমস্যাৰ পৰাই এসময়ত দৃষ্টিশক্তি পর্যন্ত হেৰুৱাবলগীয়া হ’ব পাৰে। সেয়ে চকু ভালে ৰাখিবলৈ আপুনি কেতবোৰ নিয়ম মানি চলিব লাগিব।

ফল আৰু পাচলি : চকু ভালে ৰাখিবলৈ গাজৰ বেছিকৈ খাব। লগতে অন্যান্য সেউজীয়া শাক-পাচলি, বাদ্যম আৰু কমলা প্ৰচুৰ পৰিমাণে খাব। এই সকলোবোৰ প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদানেৰে পৰিপূৰ্ণ।

অ’মেগা-৩ ফেটি এচিড় : চকু ভালে ৰাখিবলৈ অ’মেগা-৩ ফেটি এচিড সমৃদ্ধ মাছ বেছিকৈ খাব লাগে।

ওজন হ্রাস : মেদবহুলতায়ো চকুৰ ক্ষতি কৰিব পাৰে৷ শৰীৰৰ অত্যধিক ওজনৰ বাবে মধুমেহৰ আশংকা বৃদ্ধি পায়। মধুমেহত আক্রান্ত হলে চকুৰ মাৰাত্মক ক্ষতি হ’ব পাৰে। সেয়ে ওজন হ্রাস কৰাৰ চেষ্টা কৰিব।

ধূমপান ত্যাগ : ধূমপানে শৰীৰৰ বিভিন্ন অংগৰ লগতে চকুৰো ক্ষতিসাধন কৰে। চকুৰ ৰেটিনা ক্ষতিগ্রস্ত হয়। ফলত চকুত ছানি পৰে। ইয়াৰ উপৰি চকুৰ স্নায়ু ক্ষতিগ্রস্ত হয়। সেয়ে চকু ভালে ৰাখিবলৈ বিচাৰিলে ধূমপান ত্যাগ কৰক।

আলট্রা-ভায়’লেট প্রটেক্‌চন : খালী চকুৰে কেতিয়াও সূৰ্যৰ ফালে চোৱা উচিত নহয়। কাৰণ সূৰ্যৰ আল্ট্রা ভায়’লেট বে’ বা অতি বেঙুনীয়া ৰশ্মিৰ বাবে ৰেটিনা মাৰাত্মকভাৱে ক্ষতিগ্রস্ত হয়। ৰ’দত বাহিৰলৈ ওলালে ছানগ্লাছ বা স্পৰ্টছ গগল্‌ছ পৰিধান কৰিব লাগে।

চকুত পানী মৰা :প্রতিদিনে ১০ক্ট১৫ বাৰ চকুত পানী ছটিয়াব লাগে। ইয়াৰ দ্বাৰা চকু ঠাণ্ডা হৈ থাকে। চকুৰ আৰ্দ্ৰতা বাঢ়ে আৰু ৰক্ত সঞ্চালনো বৃদ্ধি পায়। কিন্তু চকুত কেতিয়াও বৰ্‌ফ নলগাব আৰু গৰম পানী নামাৰিব।

পর্যাপ্ত পৰিমাণৰ নিদ্ৰা : প্রতি নিশাৰ পৰ্যাপ্ত পৰিমাণৰ নিদ্ৰাই চকু সুস্থ কৰি ৰাখে। টোপনিত থকা অৱস্থাত চকুৰ পেশীবোৰ শিথিল হৈ পৰে আৰু সতেজ হৈ উঠে। কিন্তু কম পৰিমাণৰ টোপনিৰ ফলত চকুৰ পেশীত প্ৰদাহৰ সৃষ্টি হ’ব পাৰে।

নিয়মিত চকু পৰীক্ষা : বছৰত কমেও দুবাৰকৈ চকুৰ পৰীক্ষা কৰোৱা দৰকাৰ। যাতে চকুৰ সামান্যতম সমস্যাও আৰম্ভণিতেই ধৰা পৰে। ছানি পৰা, গ্ল’কোমা বা ৰেটিনাৰ মেকুলাৰ ক্ষয়ৰ দৰে মাৰাত্মক সমস্যাই দৃষ্টিশক্তিও কাঢ়ি নিব পাৰে।

Shahnawaz Hamza