আই পি এলত নিলামকাৰী কোন এই মল্লিকা সাগৰ! জানক তেওঁৰ বিষয়ে
আগন্তুক আই পি এল ছিজনৰ বাবে আজি ডুবাইত অনুষ্ঠিত হৈছে খেলুৱৈৰ নিলাম। আজিৰ এই নিলামত আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছে এগৰাকী মহিলা নিলামকাৰী।
মল্লিকা সাগৰে প্ৰথমগৰাকী মহিলা নিলামকাৰী হিচাপে আই পি এলৰ নিলামত ভাগ লৈছে। ইয়াৰ পূৰ্বে নিলামত চিনাকি মুখ আছিল হিউ এডমিডছ। কিন্তু এইবাৰে বিচিচিআয়ে এই দায়িত্ব দিয়ে সাগৰক।
প্ৰথমবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত নিলামকাৰী দায়িত্ব পোৱা মল্লিকা সাগৰে ইতিপূৰ্বে ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলামকাৰী হিচাপে দায়িত্ব পালন কৰিছিল। পিছে এই মল্লিকা সাগৰ কোন জানেনে?
মল্লিকা সাগৰ এগৰাকী ভাৰতীয় মূলৰ মহিলা। তেওঁ ফিলাডেলফিয়াৰ ব্ৰীন মাউৰ কলেজৰ পৰা শিল্প ইতিহাসত অনাৰ্চসহ আনষ্ঠানিক শিক্ষা সাং কৰে। নিউয়ৰ্ক চহৰৰ আন্তঃৰাষ্ট্ৰীয় নিলাম কেন্দ্ৰ ক্ৰীষ্টিজত তেওঁ কেৰিয়াৰ আৰম্ভ কৰে।
উল্লেখ্য যে, ২০২১ চনত প্ৰ’ কাবাডী লীগৰ প্ৰথমগৰাকী মহিলা নিলামকাৰী হিচাপেও ইতিহাস ৰচনা কৰিছিল মল্লিকা সাগৰে। আই পি এলৰ পূৰ্বৰ নিলামকাৰী এডমিডছৰ স্বাস্থ্যজনিত কাৰণত এইবাৰ মল্লিকাক দায়িত্ব দিয়া হয়।
আধুনিক আৰু সমসাময়িক ভাৰতীয় শিল্পকে ধৰি বিভিন্ন ক্ষেত্ৰত অভিজ্ঞ ৪৮ বৰ্ষীয় মল্লিকা সাগৰে ইয়াৰ পূৰ্বে মুম্বাইৰ প্ৰতিষ্ঠিত পুণ্ডোল আৰ্ট গেলেৰীত নিলাম চলাই আহিছে। সমসাময়িক ভাৰতীয় কলা নিলামৰ পথ প্ৰদৰ্শক হিচাপেও তেওঁক কৃতিত্ব দিয়া হয়।