পেকেট গাখীৰ কিদৰে প্ৰস্তুত কৰা হয় জানেনে?
গাখীৰ প্ৰায় প্ৰতিটো পৰিয়ালতে কম-বেছি পৰিমাণে ব্যৱহৃত হয়। গাঁওসমূহত গৰুৰ গাখীৰ সহজে উপলব্ধ। চহৰসমূহত অধিকাংশ লোকে পেকেট বা পেকেটৰ ভিতৰত উপলব্ধ তৰল গাখীৰ ব্য়ৱহাৰ কৰে। খাবৰ বাবে, মিঠাই প্ৰস্তুত কৰাৰ বাবে অথবা পূজা বা আন আন বিভিন্ন কাৰ্যত দৈনিক কম-বেছি পৰিমাণ গাখীৰ সকলোৱে ব্য়ৱহাৰ কৰে। এনে পেকেট গাখীৰসমূহ গ্ৰাহকলৈ লৈ যোৱাৰ বাবে বিশেষ পদ্ধতি অৱলম্বন কৰা হয়।
ইয়াৰ বাবে প্ৰথমে গাখীৰ সংগ্ৰহ কেন্দ্ৰত গাখীৰসমূহ গোটোৱা হয় আৰু টেংকাৰত ভৰ্তি ভৰাই প্ৰচেছিং প্ৰকল্পলৈ পৰিবহন কৰা বা লৈ যোৱা হয়। প্ৰতিখন টেংকাৰত ২৫ হাজাৰ লিটাৰতকৈ অধিক গাখীৰ থাকে। অৱশ্যে আকাৰ অনুযায়ী সেয়া পৰিমাণ বিভিন্ন হ’ব পাৰে। টেংকাৰবোৰ পুৱাৰে পৰা প্ৰচেছিং প্ৰকল্পলৈ আহিবলৈ আৰম্ভ কৰে আৰু নিশালৈকে এই কাৰ্য অব্যাহত থাকে।
যদি গাখীৰ সংৰক্ষণ কৰাত ভুল হয় ই বেয়া হ’ব পাৰে। সেয়েহে, দুগ্ধ সমবায়বোৰে প্ৰচেছিং প্ৰকল্পলৈ গাখীৰ সুৰক্ষিতভাৱে পৰিবহন কৰাৰ বাবে এক প্ৰণালী স্থাপন কৰে।
যদি প্ৰচেছিং প্ৰকল্পত উপস্থিত হোৱাৰ সময়ত টেংকাৰ এখন ক্ষতিগ্ৰস্ত হয়, গাখীৰ সুৰক্ষিত কৰিবলৈ লগে লগে এখন নতুন টেংকাৰ প্ৰেৰণ কৰা হয়। গাখীৰখিনি নতুন টেংকাৰলৈ স্থানান্তৰ কৰা হয় আৰু প্ৰচেছিং প্লাণ্টলৈ লৈ যোৱা হয়।
প্ৰচেছিং প্লাণ্টলৈ অনা সকলো গাখীৰৰ প্ৰথমে গুণগত মান পৰীক্ষা কৰা হয়। মানদণ্ড পৰীক্ষাৰ পিছতহে ইয়াক খালী কৰা হয়। তাৰ পিছত গাখীৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ সংসাধিত কৰা হয়।
কেঁচা গাখীৰ খোৱাৰ বাবে প্ৰথমে বীজাণুমুক্ত কৰা হয়। এই প্ৰক্ৰিয়াত, গাখীৰ ১৫ ছেকেণ্ডৰ বাবে ৭৬ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত এডাল ষ্টীল পাইপলৈ প্ৰেৰণ কৰা হয়। তাৰ পিছত তাপমাত্ৰা ৪ ডিগ্ৰীলৈ হ্ৰাস কৰা হয়।
এতিয়া এই গাখীৰ পেকেজিং এলেকাৰ ফালে আগবাঢ়ে য’ত গাখীৰ পলি পেকত ভৰ্তি কৰোৱা হয়। ইয়াত বৈদ্যুতিক যন্ত্ৰটোৱে প্ৰতি মিনিটত প্ৰায় ১৫০টাপৰ্যন্ত পাউচ তৈয়াৰ কৰে। এই পাউচবোৰ ট্ৰাক বা বাহনত ভৰাই বজাৰলৈ প্ৰেৰণ কৰা হয়।
সমবায়সকলে আন ৰাজ্যৰ লোকসকলক সতেজ সামগ্ৰী প্ৰদান কৰাৰ বাবে বিভিন্ন স্থানত প্ৰচেছিং প্ৰকল্প স্থাপন কৰে। গাখীৰ ৰেল আৰু টেংকাৰৰ দ্বাৰা প্ৰেৰণ কৰা হয় বিভিন্ন স্থানলৈ।
৩৬ ঘণ্টাৰ বাবে গাখীৰ ঠাণ্ডা হৈ থাকে আৰু নষ্ট নহয়। কিয়নো গাখীৰ বিশেষ পদ্ধতিত প্ৰস্তুত কৰা হয় আৰু সেইধৰণে প্ৰেৰণ কৰা হয়। পোচুৰাইজেচন প্ৰক্ৰিয়াই ক্ষতিকাৰক বেক্টেৰিয়া দূৰ কৰাতো সহায় কৰে।
প্ৰচেছিং প্ৰকল্পটোত বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰিবলৈ বিভিন্ন একক আছে। কিছুমান এককে তৰল গাখীৰ, দৈ, ঘিউ প্ৰস্তুত কৰে। আনহাতে বিশেষ একক বা সঁজুলিয়ে মাখন গাখীৰ আৰু শুকান পাউডাৰ প্ৰস্তুত কৰে। কিছুমান এককেৰে আইচক্ৰীম, চীজ আৰু মাখন তৈয়াৰ কৰা হয়।