চাউলৰ পানীয়ে দূৰ কৰে চুলিৰ এক গুৰুতৰ সমস্যা

চাউলৰ পানীয়ে দূৰ কৰে চুলিৰ এক গুৰুতৰ সমস্যা

শীতকালত আমাৰ দেহাটোৰ লগতে মূৰৰ ছালো শুকান হৈ পৰে।মূৰৰ ছাল শুকান হোৱাৰ ফলত উফিৰ সমস্যা হয়। চুলি সৰা, চুলিৰ উপযুক্ত বিকাশ নোহোৱা আদি বহু সমস্যাৰ কাৰণ হৈছে উফি। উফিৰ পৰা পৰিত্ৰাণ পাবলৈ অধিকাংশই বজাৰৰ নামী-দামী তেল ছেম্পু ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে।কিন্তু আপুনি ঘৰতেই মাত্ৰ তিনিটা উপায়ৰে চিৰদিনলৈ দূৰ কৰিব পাৰে উফিৰ সমস্যা।আজি এই বিষয়ে জানো আহক-

পিঁয়াজৰ ৰস

কেৱল চুলি সৰাৰেই নহয়, উফিৰ সমস্যাৰো সমাধান দিয়ে পিঁয়াজৰ ৰসে। আপোনাৰ চুলিৰ জোখৰে পিয়াজ গুৰি কৰি ৰস উলিয়াই ল’ব। ইয়াৰ পিছত মূৰৰ ছালত এই ৰসখিনি ভালদৰে প্ৰয়োগ কৰি ১৫-২০মিনিটৰ বাবে এৰি দিব। নিৰ্দ্দিষ্ট সময়ৰ পিছত চুলিখিনি ভালদৰে ধুই পেলাব।

এল’ভেৰাৰ ৰস

এল’ভেৰা চুলিৰ বাবেও যথেষ্ট উপকাৰী। এল’ভেৰাৰ সতেজ পাতবোৰ ভাঙি ভিতৰৰ জেলখিনি মূৰৰ ছালত প্ৰয়োগ কৰি আধা ঘণ্টা থাকিব। ইয়াৰ পাছত চুলিখিনি চাফা পানীৰে ধুই পেলাব। এল’ভেৰা জেল আপুনি নেমুৰ ৰস আৰু নাৰিকল তেলৰ সৈতে মিহলাইও চূলিৰ গুৰিত লগাব পাৰে।ইয়াৰ ফলত উফিৰ লগতে চুলি সৰা সমস্যাও নাইকিয়া হ’ব।

চাউলৰ পানী

চাউলৰ পানী উফিৰ ঔষধ।ই চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰাটো যথেষ্ট সহায়ক। ইয়াক চুলিত প্ৰয়োগৰ বাবে ৩ কাপ পানীত ১ কাপ চাউলৰ পানী মিহলাই চুলিত প্ৰয়োগ কৰিব।এই পানীৰে ভালদৰে চুলিখিনি ঘঁহি ঘঁহি ধুব।ইয়াৰ পাছত পৰিস্কাৰ পানীৰে ধুই চুলিখিনি ছেম্পু কৰিব। এনেদৰে সপ্তাহত তিনিবাৰ চুলি ধুব।

GTM Desk

Related