নতুন বছৰত এই ৫ ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল..
নতুন বছৰত এই ৫ ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল, সকলো দিশে হ’ব জয়জয় ময়ময়।
আৰু কেইটামান দিনৰ পিছত ২০২৩ চন শেষ! আৰু দুমাহৰ পাছত আৰম্ভ হ’ব নতুন বছৰ! ২০২৪ চন কেনে যাব? কাৰ ভাগ্য ফুলিব? জ্যোতিষ গণনাৰ মতে অহা বছৰ অৰ্থাৎ ২০২৪ চন ৫ ৰাশিৰ বাবে এক সুন্দৰ সময় হ’ব। ভাগ্য উচ্চ হ’ব। গোটেই বছৰটো টকা আহিব। ভাগ্যৱান কোন কোন জানি লওকঃ
মেষ ৰাশি – অতি শুভ সময়। বৃহৎ আৰ্থিক লাভৰ যোগ আছে। এই সময়ত নতুন সম্পত্তি কিনিব পাৰিব। মাটি ক্ৰয়-বিক্ৰয়ৰ জৰিয়তে বিপুল লাভৰ সম্ভাৱনা আছে। আবদ্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ হ’ব। কেৰিয়াৰৰ বাবে যথেষ্ট ভাল সময়। চাকৰি প্ৰত্যাশীসকলে এই বছৰ ভাল সুযোগ লাভ কৰিব পাৰিব। ব্যৱসায়ত আপুনি বহুত লাভ কৰিব, নতুন প্ৰজেক্ট আহিব। আবদ্ধ হৈ থকা টকা ঘূৰাই পাব পাৰে। ২০২৪ চনত বৃহস্পতি আৰু শনি আপোনাৰ সহায়ক হ’ব। আয় বাঢ়িব। প্ৰতিযোগিতামূলক ছাত্ৰ-ছাত্ৰীৰ বাবে এই বছৰটো অতি ভাল।
কন্যা ৰাশি – সৌভাগ্য আপোনাৰ লগত থাকিব। যিয়েই নকৰক, আপুনি সফল হ’ব। দুয়ো হাতলৈ বহুত টকা আহিব। হঠাৎ ধন-সম্পত্তি লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি ভুগি থকা যিকোনো বেমাৰৰ পৰা আপুনি সকাহ পাব। বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে। কৰ্মচাৰীয়ে নতুন সুযোগ লাভ কৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে। এই সময়ত গাড়ী আৰু ঘৰ কিনাৰো যোগ আছে। যিসকল জাতক-জাতিকা আইনী গোচৰত আছে তেওঁলোকে জয়ী হ’ব পাৰে। বিবাহিত জীৱন ভাল হ’ব। প্ৰেম সংগীৰ লগত সম্পৰ্ক অটুট থাকিব।
তুলা ৰাশি – জীৱনত টকাৰ বৰষুণ হ’ব। ভাগ্য পাবা। অভাৱনীয়ভাৱে বিশাল সম্পত্তিৰ মালিকীস্বত্ব লাভ কৰিব পাৰে। যিসকলে ঘৰ-মাটিৰ কথা ভাবিছে, তেওঁলোকৰ সপোন এইবাৰেই পূৰণ হ’ব। নতুন বছৰত কেইবাবাৰো ভাল খবৰ পাব। নতুন বছৰে চাকৰি প্ৰত্যাশীসকলৰ বাবে সমৃদ্ধি কঢ়িয়াই আনিব। কাৰ্যালয়ত আপোনাৰ কামৰ শলাগ লোৱা হ’ব। সহকৰ্মীসকলৰ লগত ভাল সম্পৰ্ক থাকিব। ব্যৱসায়ত ভাল লাভ পাব। কামলৈ ওলাই যোৱাটো এটা ভাল লক্ষণ। পাৰিবাৰিক সমস্যাৰ সমাধান হ’ব। চাকৰি বদলি আৰু পদোন্নতিৰ সম্ভাৱনা আছে। টকা সঞ্চয় কৰিব পাৰিব।
বৃশ্চিক ৰাশি – বৰ ভাল সময়। দুহাতেৰে টকা আহিব। ২০২৪ চনত বৃশ্চিক ৰাশিৰ বাবে নতুন দায়িত্ব আহিব। বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে। কৰ্মচাৰীয়ে নতুন সুযোগ পাব, এই সময়ছোৱাত যিয়েই নকৰক কিয়, সফলতা লাভ কৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে। এই সময়ত গাড়ী আৰু ঘৰ কিনাৰো যোগ আছে। যিসকল জাতক-জাতিকা আইনী গোচৰত আছে তেওঁলোকে জয়ী হ’ব পাৰে। আৱদ্ধ ধন ঘূৰাই পাব। এই বছৰ প্ৰেমিকক বিয়াৰ প্ৰস্তাৱ দিব পাৰে।