fbpx
September 22, 2021

আর্মী ইন্ষ্টিটিউট অৱ নার্ছিঙত ৯ পদ খালী

আর্মী ৱেলফেয়াৰ এডুকেচন ছ’চাইটী(Army Welfare Education Society)ৰ অধীনত পৰিচালিত গুৱাহাটীৰ বশিষ্ঠস্থিত আর্মী ইনষ্টিটিউট অৱ নার্ছিং(Army Institute of Nursing)ত খালী হৈছে ৯ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

খালী পদসমূহৰ ভিতৰত আছে–Assistant Professor-Community Health Nursing (1), Assistant Professor-Child Health Nursing (1), Tutor (5), Accountant (1) আৰুSKT (1)৷ Assistant Professor-Community Health Nursing পদৰ প্রার্থীৰCommunity Health Nursing বিষয়ত M.Sc. ডিগ্রী থকাৰ লগতে শিক্ষকতা কৰাৰ অভিজ্ঞতা থকা হ’ব লাগিব৷Assistant Professor-Child Health Nursing পদৰ প্রার্থীৰChild Health Nursing বিষয়ত ডিগ্রী থকাৰ লগতে শিক্ষকতাৰ অভিজ্ঞতা থকা হ’ব লাগিব৷Tutor পদৰ প্রার্থীৰM.Sc. Nursing অথবাB.Sc. Nursing ডিগ্রী থকাৰ লগতে এবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷Accountant পদৰ প্রার্থীB.Com. অথবাM.Com. উত্তীর্ণ হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ //www.awesindia.com আৰু //ainguwahati.org ভিজিট কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনTo Army Institute of Nursing, Guwahati, C/O 151 Base Hospital, Basistha Temple Road, Basistha, Ghy-29 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ ছেপ্ঢেম্বৰ, ২০২১৷

error: Content is protected !!
%d bloggers like this: