নগাঁও জিলাৰ ছয় বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ
নিউজ ব্যুৰ’,নগাঁও,৯ডিচেম্বৰ:–সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ছয়টা বিধানসভা সমষ্টিৰে গঠিত নগাঁও নিৰ্বাচনী জিলাৰ বাবে ২০২৩ বৰ্ষৰ খচৰা ভোটাৰ তালিকা শুক্ৰবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয় । উল্লেখ্য যে,সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইখনেই হৈছে প্ৰথমখন খচৰা ভোটাৰ তালিকা । এই উপলক্ষে নগাঁও আৱৰ্ত ভৱন সভা কক্ষত অনুষ্ঠিত এক সংবাদ মেলত জিলাখনৰ নিৰ্বাচনৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত লক্ষ্যজ্যোতি দাসে জনোৱা মতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ ক্ৰমিক নম্বৰসমূহ সাল-সলনি হয়। নতুন ক্ৰমিক নম্বৰ অনুসৰি ৫৫ নং ধিং সমষ্টি, ৫৬ নং ৰূপহীহাট সমষ্টি,৫৮ নং চামগুৰি সমষ্টি,৫৯ নং বঢ়মপুৰ সমষ্টি,৬০ নং নগাঁও-বটদ্ৰৱা সমষ্টি আৰু ৬১ নং ৰহা সমষ্টি হিচাপে নামাকৰণ কৰা হয় । এই ছয়টা সমষ্টিত সৰ্বমুঠ ভোটাৰৰ সংখ্যা ১৩লাখ ৮৩৯গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৬লাখ ৫৪হাজাৰ ৩৮১জন আৰু মহিলা ভোটাৰ ৬লাখ ৪৬ হাজাৰ ৩৮৪গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৭৪গৰাকী ।প্ৰকাশিত খচৰা তালিকা অনুসৰি ৫৫নং ধিং সমষ্টিত মুঠ ভোটাৰ ২লাখ ১৭হাজাৰ ৪৩২ গৰাকী; ৫৬ নং ৰূপহীহাট সমষ্টিত ২লাখ ১২হাজাৰ ২০৬ গৰাকী; ৫৮নং চামগুৰি সমষ্টিত ২লাখ ০৯হাজাৰ ৫৮১গৰাকী; ৫৯নং বঢ়মপুৰ সমষ্টিত ২লাখ ২৭হাজাৰ ৮৮৭ গৰাকী; ৬০ নং নগাঁও-বটদ্ৰৱা সমষ্টিত ১লাখ ৯৭হাজাৰ ৭১১ গৰাকী আৰু ৬১ নং ৰহা সমষ্টিত ২লাখ ৩৬হাজাৰ ০২২ গৰাকী জিলাখনৰ ছয়টা বিধানসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ১,৪২৬টা। ইয়াৰে ধিঙত ২৩২টা, ৰূপহীহাটত ২১৭টা,চামগুৰিত ২১৩টা,বঢ়মপুৰত ২৫৪টা, নগাঁও-বটদ্ৰৱাত ২৩৫টা আৰু ৰহাত ২৭৫টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । আনহাতে ভোটাৰ ৰাইজৰ ওজৰ-আপত্তিসমূহ নিৰ্ধাৰণৰ বাবে অন্তিম তাৰিখ অহা ৮ জানুৱাৰী ধাৰ্য কৰা হৈছে । ভোটাৰ ৰাইজে ভোটাৰ হেল্প লাইন এপ, স্থানীয় বি এল অ’,চি এচ চি আৰু অন লাইনৰ জৰিয়তে নতুন নাম অন্তভুক্তি,কৰ্তন,নাম সংশোধনীকে ধৰি ভোটাৰ সম্পৰ্কীয় সকলো কাম-কাজসমূহ কৰিবলৈ সক্ষম হ’ব। আনহাতে,খচৰা ভোটাৰ তালিকাত নিজৰ নামসমূহ প্ৰত্যক্ষ কৰিবলৈ স্থানীয় বি এল অ’,ৰাজহ চক্ৰৰ কাৰ্যালয়,জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়,জিলা নিৰ্বাচনী আয়োগৰ ৱেবচাইটৰ সহায় ল’ব পাৰিব বুলি সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া মৌচম প্ৰীতম নাথে জানিবলৈ দিয়ে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও