‘বিজেপি ব্লেকমেইলিঙৰ চৰকাৰ, মুখ্যমন্ত্ৰীৰ নৈতিকতা নাই’:অখিল গগৈ

‘বিজেপি ব্লেকমেইলিঙৰ চৰকাৰ, মুখ্যমন্ত্ৰীৰ নৈতিকতা নাই’:অখিল গগৈ

শশী কান্ত দাসৰ গৃহত মুখ্যমন্ত্ৰীৰ উপস্থিতিক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া। অখিল গগৈয়ে কয়, ‘‘সংসদীয়া ৰাজনীতিৰ কাৰণে এয়া গৰ্হিত কাৰ্য। মুকলি বজাৰত বিধায়ক কিনা–বেচা কৰিছে মুখ্যমন্ত্ৰীয়ে। সমস্ত মূল্যবোধক ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যিজন বিক্ৰী হয় তেওঁ মানুহ নে অইন কিবা। বিবেকবান মানুহৰ বাবে এয়া লজ্জাজনক। মানুহ–অমানুহৰ মাজত পাৰ্থক্য নাইকীয়া হৈছে।’’

‘‘ৰূপজ্যোতি–সুশান্ত বিজেপিত অহা মানে সমষ্টিটো সোণৰ হৈ গ’ল নেকি? ব্যক্তিগত লাভৰ বাবে দল সলনি কৰিছে কংগ্ৰেছ বিধায়কে। শাসক দলৰ নেতাই ব্লেকমেইলিং কৰিব বিচাৰে। বিজেপি ব্লেকমেইলিঙৰ চৰকাৰ। মুখ্যমন্ত্ৰীগৰাকীৰ নৈতিকতা নাই।’’ – মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ।

 

GTM Desk

Related