শ্ৰীলংকাৰ দিশে আগবাঢ়িছে ভাৰতৰ অৰ্থনীতি: অখিল গগৈ

শ্ৰীলংকাৰ দিশে আগবাঢ়িছে ভাৰতৰ অৰ্থনীতি: অখিল গগৈ
মূল্যবৃদ্ধিৰ সমস্যাৰ পৰা ৰাইজক মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত এতিয়া নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সাধাৰণ ৰাইজক। ডিব্ৰুগড়ত উপস্থিত হৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি  মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষনা অখিল গগৈৰ। লগতে অখিল গগৈয়ে কয়, মোদীয়ে হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি থাকিব আৰু তাৰ মাজত মূল্যবৃদ্ধি কৰি থাকিব । বৰ্তমান দেশৰ অৰ্থনীতি শ্ৰীলংকাৰ অৰ্থনীতিৰ ফালে গতি কৰিছে বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

GTM Desk